Local, Vocal, Global

Ram Mandir Inauguration : ২২ জানুৱাৰীত ৰাজ্যত অৰ্ধছুটী ঘোষণা

নিউজ ডেস্ক, ১৯ জানুৱাৰী : দেশজুৰি প্ৰস্তুতি অযোধ্যাত ৰাম মন্দিৰক লৈ ।২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ’ব অযোধ্যাত ৰাম মন্দিৰ । অযোধ্যাত ৰাম মন্দিৰ এই ঐতিহাসিক দিনটোৰ বাবে বাট চাই আছে সমগ্ৰ দেশৰ লগতে সমগ্ৰ বিশ্ব(Ram Mandir Inauguration) ।

ভাৰতীয় জনতা পাৰ্টীয়ে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বিশাল কাৰ্যসূচী সমগ্ৰ দেশৰে বুথ পৰ্যায়ত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰাৰ পৰিকল্পনা কৰিছে । ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অগনন ভক্তই অযোধ্যালৈ যোৱাৰ বাবে যো-যা চলাইছে(entre Declares Half Day Holiday for Central Government Offices on January 22)।

ইফালে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোক বিশেষ দিন হিচাপে গণ্য কৰি চৰকাৰে গ্ৰহণ কৰিছে এক সিদ্ধান্ত ৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি ২২ জানুৱাৰীত দেশৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়ত অৰ্ধছুটী ঘোষণা কৰিছে ।বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে ।

কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙৰ ঘোষণা অনুসৰি সমগ্ৰ ভাৰতৰ সকলো কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়, কেন্দ্ৰীয় প্ৰতিষ্ঠান আৰু কেন্দ্ৰীয় ঔদ্যোগিক প্ৰতিষ্ঠানসমূহ ২২ জানুৱাৰীৰ আবেলি ২:৩০ বজালৈ বন্ধ থাকিব । লগতে ২২ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়সমূহত অৰ্ধছুটী ঘোষণা কৰে(Centre declares half-day off for its staff on January 22) ।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ পূৰ্বে দেশৰ নাগৰিকসকলক দীপাৱালীৰ দৰে ২২ জানুৱাৰীৰ অভিষেক অনুষ্ঠান উদযাপন কৰিবলৈ আহ্বান জনাইছিল । তেওঁ ৰাম জন্মভূমিৰ অনুষ্ঠানলৈ যোৱাৰ পৰিৱৰ্তে সকলোকে তেওঁলোকৰ বাসগৃহতে থাকিবলৈ আহ্বান জনাইছিল । লগতে তেওঁ সকলোৰে ঘৰতে চাকি জ্বলোৱাৰো আহ্বান জনাইছিল ।

লগতে পঢ়ক :Security Forces Exchange Fire with Militants :পুনৰ মণিপুৰত নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ