Local, Vocal, Global

দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত

নিউজ ডেস্ক, ২ জুলাই : নগাঁৱৰ ১৬খনকৈ আৰক্ষী চকীলৈ নগাঁও আৰক্ষী অধীক্ষকৰ জড়িয়তে প্ৰদান কৰা হয় কম্পিউটাৰ, প্ৰিন্টাৰ আৰু জেৰক্স মেচিন ৷ নগাঁও আৰক্ষী চাউনিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক আনুষ্ঠানিক কম্পিউটাৰ বিতৰণ সভাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকল এই কম্পিউটাৰ প্ৰদান কৰা হয় ৷

বৰ্তমান সময়ত যিহেতু অনলাইন আৰু খৰতকীয়াভাৱে সকলো কাৰ্য সম্পাদনৰ ব্যৱস্থা কৰা হৈছে সেয়ে আৰক্ষী থানাসমূহৰ সুবিধাৰ বাবে চৰকাৰীভাৱে আৱন্তিত ধনৰাশিৰ পৰা প্ৰদান কৰা হৈছে এই কম্পিউটাৰসমূহ৷

অনুষ্ঠানত আৰক্ষী অধীক্ষক লীনা দলে, অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা, উপঃ আৰক্ষী অধীক্ষক ত্ৰিদীপ কুমাৰ কুম্বাং উপস্থিত থাকে ।