Local, Vocal, Global

Encounter underway in Kishtwar district : জম্মু-কাশ্মীৰৰ কিস্তৱাড়ত সেনা-সন্ত্ৰাসবাদীৰ ভয়ংকৰ সংঘৰ্ষ;ছহিদ দুই সেনা জোৱান

নিউজ ডেস্ক,১৪ছেপ্তেম্বৰ : জম্মু-কাশ্মীৰৰ কিস্তৱাড়ত সেনা-সন্ত্ৰাসবাদীৰ ভয়ংকৰ সংঘৰ্ষ। সন্ত্ৰাসবাদীৰে গুলীয়াগুলীত ছহিদ দুই সেনা জোৱান।

উল্লেখ্য যে, শুকুৰবাৰে জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ সুউচ্চ অঞ্চলত সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষত এজন কনিষ্ঠ কমিছনড বিষয়াসহ (জেচিঅ’) দুজন সেনা জোৱান নিহত হয় । আনহাতে, আন দুগৰাকী আহত হয় বুলি সেনা সূত্ৰই জানিবলৈ দিয়ে(Encounter underway in Kishtwar district; 2 Army soldiers dead) ।

ঘটনা সন্দৰ্ভত সেনাবাহিনীয়ে কয় যে সেনা আৰু আৰক্ষীৰ এটা যুটীয়া নিৰাপত্তাৰক্ষী দলে গোপন সূত্ৰৰ ভিত্তিত কিষ্টৱাৰক দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ সৈতে সংযোগ কৰা ছত্ৰু বেল্টৰ নাইদঘাম অঞ্চলত এক অনুসন্ধান অভিযান আৰম্ভ কৰাৰ সময়তে গুলীচালনা আৰম্ভ হয় ।

সেনাৰ তৰফৰ পৰা লগতে কয় যে নিৰাপত্তাৰক্ষীৰ অনুসন্ধানকাৰী দল আৰু ছত্ৰু আৰক্ষী থানাৰ অন্তৰ্গত নাইদঘাম গাঁৱৰ ওপৰৰ অংশৰ পিংনাল দুগাড্ডা বনাঞ্চলত লুকাই থকা সন্ত্ৰাসবাদীৰ মাজত এই গুলীবৰ্ষণ হয়( Encounter underway in Kishtwar district)।

এই গুলীচালনাত চাৰিজন সেনা জোৱান আহত হয় । তেওঁলোকৰ দুজন নাইব চুবেদাৰ বিপন কুমাৰ আৰু এজন জে চি অ’ তথা চিপাহী অৰবিন্দ সিঙৰ পিচত মৃত্যু হয় । নিহত দুগৰাকী জোৱানৰ ভিতৰত এজনৰ গ্ৰেনেড বিস্ফোৰণৰ ফলত স্প্লিণ্টাৰ আঘাতত মৃত্যু হয় আৰু আন এজনৰ মূৰত গুলীলগাৰ ফলত মৃত্যু হয় ।

সেনাবাহিনীৰ তৰফৰ পৰা দুয়োজন জোৱানৰ হত্যাৰ কথা নিশ্চিত কৰি কয়, “জি অ’ চি (জেনেৰেল অফিচাৰ কমাণ্ডিং) হোৱাইট নাইট ক’ৰ্পছ আৰু সকলোৱে সাহসী বীৰ জোৱানকেইজনৰ সৰ্বোচ্চ ত্যাগক অভিবাদন জনাইছে; পৰিয়ালবোৰলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো ।” ইয়াৰ পূৰ্বে সেনাই কৈছিল যে অনুসন্ধানকাৰী দলে আবেলি প্ৰায় ৩.৩০ বজাত সন্ত্ৰাসবাদীৰ সৈতে প্ৰচণ্ড গুলীয়াগুলিত লিপ্ত হৈছিল ।

লগতে পঢ়ক : Assam CM big announcement on online trading : কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা