Encounter under way between security forces, naxals in Chhattisgarh: ছত্তীশগড়ত নিৰাপত্তা বাহিনীৰ মাওবাদী বিৰোধী অভিযান
নিউজ ডেস্ক,১৬নৱেম্বৰ : অব্যাহত আছে ছত্তীশগড়ত নিৰাপত্তা বাহিনীৰ মাওবাদী বিৰোধী অভিযান । অভিযানত শুকুৰবাৰে মাওবাদীৰ সৈতে সংঘৰ্ষ নিৰাপত্তা বাহিনীৰ।
শুকুৰবাৰে বিয়লি ৪ ৰ পৰা ৫ বজাত ৰাজনন্দগাঁৱৰ কাষৰ মহলা মানপুৰ অম্বাগড় চৌকিত আৰক্ষী আৰু মাওবাদীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়(Encounter under way between security forces, naxals in Chhattisgarh)।
আৰক্ষীয়ে বিশেষ সূত্ৰে তথ্য লাভ কৰে যে মাওবাদীৰ এটা দলে খুৰচেকলা বনাঞ্চলত প্ৰৱেশ কৰিছে । এই তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীটোৱে অভিযান চলাই । কিন্তু সুৰক্ষা বাহিনীৰ দলটো অনুসন্ধান অভিযানৰ পৰা উভতি অহাৰ সময়ত মাওবাদীৰ দলটোৰ সৈতে মুখামুখি হয় আৰু আৰক্ষী আৰু মাওবাদীৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়।
ইফালে নিৰাপত্তা বাহিনীৰ নিৰন্তৰ গুলীবৰ্ষণত কেইবাজনো মাওবাদী আহত হোৱাৰ সন্দেহ কৰা হৈছে । আনহাতে, বাহিনীটোৰ প্ৰবল আক্ৰমণত তিষ্ঠিব নোৱাৰি মাওবাদীৰ দলটোৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে(Encounter underway between security forces and naxals in Sukma’s Karkanguda )।
নিৰাপত্তা বাহিনীৰ অভিযানত মাওবাদীয়ে দৈনিক ব্যৱহাৰ কৰা কিছু সামগ্ৰী জব্দ কৰে।
লগতে পঢ়ক :3 bodies found in Manipur’s Barak river: মণিপুৰৰ বৰাক নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ তিনিটা মৃতদেহ