Local, Vocal, Global

Encounter in Poonch : জম্মু-কাশ্মীৰ পুঞ্চত নিৰাপত্তাৰক্ষীৰ যৌথ অভিযানত ৪ সন্ত্ৰাসবাদী নিহত

নেশ্যনেল ডেস্ক,১৮ জুলাই : জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ যৌথ অভিযানত চাৰিজন সন্ত্ৰাসবাদী নিহত হয়(Encounter in Poonch) । ভাৰত আৰু পাকিস্তানৰ সীমান্তত থকা জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযান অব্যাহত আছে । পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় নিৰাপত্তা বাহিনীয়ে প্ৰায়ে অভিযান চলাই আছে(4 terrorists killed in encounter in J-Ks Poonch) । জম্মু-কাশ্মীৰৰ বিভিন্ন অঞ্চলৰ ভিতৰত পুঞ্চ অন্যতম । জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ যৌথ অভিযানত চাৰিজন সন্ত্ৰাসবাদী নিহত হোৱা বুলি মঙলবাৰে ভাৰতীয় সেনাৰ বিষয়াসকলে প্ৰকাশ কৰে।

পুঞ্চত চলি থকা এক এনকাউণ্টাৰ ৪ টাকৈ সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে ।

উল্লেখ্য যে পুঞ্চ জিলাৰ চুৰানকোট অঞ্চলত সোমবাৰৰ পৰা এক এনকাউণ্টাৰ আৰম্ভ হয় । বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত পুঞ্চৰ চুৰানকোট তহচিলৰ ওচৰৰ সাধাৰণ এলেকা সিন্দাৰা আৰু ময়দানাত নিৰাপত্তা বাহিনীয়ে অভিযানটো আৰম্ভ কৰে । ভাৰতীয় সেনাৰ বিশেষ বাহিনী, ৰাষ্ট্ৰীয় ৰাইফলছ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুটীয়া এনকাউণ্টাৰটো চলায় ।

জানিব পৰা মতে অঞ্চলটোত সোমবাৰৰ পৰাই ব্যাপক হাৰত গুলীবৰ্ষণ চলি আছে । সোমবাৰে নিশা প্ৰায় ১১.৩০ বজাত নিৰাপত্তাৰক্ষীৰ মাজত প্ৰথম সংঘৰ্ষ সংঘটিত হয় আৰু তাৰ পিছত নিশাৰ অন্যান্য চোৰাংচোৱাগিৰিৰ সঁজুলিৰ লগতে ড্ৰ’ন মোতায়েন কৰা হয় । আনহাতে মঙলবাৰে পুৱা জম্মু জ’নৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সিঙে জনোৱা মতে এই সংঘৰ্ষত ৪ টা সন্ত্ৰাসবাদী নিহত হৈছে । অৱশ্যে এতিয়ালৈ সন্ত্ৰাসবাদীকেইটা চিনাক্ত হোৱা নাই ।

এই অভিযানত নিহত সন্ত্ৰাসবাদী বিদেশী সন্ত্ৰাসবাদী হোৱাৰ সম্ভাৱনা বেছি আৰু তেওঁলোকৰ পৰিচয় নিশ্চিত কৰা হৈছে।

ইয়াৰ পূৰ্বে হোৱাইট নাইট কৰ্পছে টুইটাৰযোগে জনোৱা অনুসৰি নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি ৰাখিছিল আৰু অভিযান চলাই আছিল । নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত অঞ্চলটোত যুটীয়া অভিযান আৰম্ভ কৰা হয় । নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড সংঘৰ্ষ হৈ থকাৰো খবৰ পোৱা গৈছিল ।

আনহাতে সোমবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা বিফল হয় । য’ত নিৰাপত্তা বাহিনীয়ে এটা সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে । ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ এই অভিযানত অস্ত্ৰ-শস্ত্ৰ আৰু বৃহৎ পৰিমাণৰ সামগ্ৰী জব্দ কৰা হয় ।

বিষয়াসকলে জনোৱা অনুসৰি ভাৰতীয় সেনা আৰু জম্মু কাশ্মীৰ আৰক্ষীৰ এক যুটীয়া অভিযানত পুঞ্চৰ কৃষ্ণা ঘাটি চেক্টৰত নিশা অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰা হয় । বিষয়াসকলে লগতে কয় যে নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পুঞ্চ নদীৰ ওচৰতো সন্ত্ৰাসবাদীৰ গতি বিধি দেখা গৈছিল । লগে লগে নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীক লক্ষ্য কৰি গুলীচালনা কৰে । পৰৱৰ্তী গুলীচালনাত দুটা সন্ত্ৰাসবাদী আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Revenge for Rapist : ধৰ্ষণকাৰীক প্ৰতিশোধ ল’লে খোদ ভুক্তভোগীয়ে, হত্যা কৰিলে ধৰ্ষণকাৰীক