Local, Vocal, Global

Encounter in Mukalmua : মুকালমুৱাত ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী

নিউজ ডেস্ক,২১জুলাই : মুকালমুৱাত ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী। আৰক্ষীৰ গুলীত গুলীবিদ্ধ দমদমাৰ ডকাইতিকাণ্ডত লগত জড়িত হামিদ আলী।

জানিব পৰা মতে ধৃত ডকাইত হামিদ আলীক লগত লৈ আৰক্ষীয়ে নলবাৰীৰ মুকালমুৱাৰ চকীৰঘাটত অভিযান চলাব যাওঁতেই পলায়নৰ চেষ্টা চলাইছিল হামিদ আলীয়ে। আৰক্ষীৰ হাতৰ পৰা পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীয়ে এনকাউন্টাৰ কৰে(Encounter in Mukalmua)।

গুলীবৃদ্ধ হামিদ আলীক বৰ্তমান চিকিৎসাৰ বাবে জিএমচিএইছ ত ভৰ্তি কৰোৱা হৈছে । উল্লেখ্য যে নলবাৰীৰ মুকালমুৱাৰ ৰাজপথত সন্ধিয়াতে ডকাইতি চলাই চাঞ্চল্যৰ সৃষ্টি কৰা অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে মুকালমুৱা আৰক্ষী ।

লগতে পঢ়ক : Kedarnath Gaurikund Accident: কেদাৰনাথৰ গৌৰীকুণ্ডত পাহাৰৰ পৰা শিল খহি মৃত্যু তীৰ্থযাত্ৰীৰ