Local, Vocal, Global

Encounter in Kokrajhar : ৰাজ্যত পুনৰ এনকাউন্টাৰৰ ঘটনা; ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

নিউজ ডেস্ক,১জুলাই : ৰাজ্যত পুনৰ এনকাউন্টাৰৰ ঘটনা। কোকৰাঝাৰৰ ছালাকাটিত দেওবাৰে নিশা গুলীচালনা৷ ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী। আমিৰ হুছেইন নামৰ ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা । আৰক্ষীৰ গুলীত বাঁওভৰিত গুলীবিদ্ধ আমিৰ হুছেইন ।

যোৱা ২৫জুনত কোকৰাঝাৰত সংঘটিত এলআইচিৰ ধন লুটৰ ঘটনাৰ সৈতে জড়িত আছিল আমিৰ হুছেইন ৷ আমিৰ হুছেইন ঘৰ চিৰাং জিলাৰ বিজনীৰ তিনি নং ভান্দাৰত(Encounter in Kokrajhar) ৷

অৱশ্যে আৰক্ষীয়ে এই মূহুৰ্তলৈ সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই ৷ আমিৰ হুছেইন সম্প্ৰতি কোকৰাঝাৰ আৰএনবি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে।

উল্লেখ্য যে যোৱা ২৫ জুনত এলআইচিয়ে গ্ৰাহকৰ সংগ্ৰহিত ধন ৩৪ লাখ টকা বেংকত জমা দিব আহিছিল। গাড়ীৰ পৰা নামি টকাৰ বেগ লৈ বেংকলৈ যাওঁতেই মটৰচাইকেলত অহা দুই দুৰ্ষ্কৃতিকাৰীয়ে ভেণ্ডৰৰ কৰ্মচাৰীৰ পৰা থাপ মাৰি লৈ গৈছিল ৩৪ লাখ টকাৰ বেগটো। ৩০জুনত আৰক্ষীয়ে ৩৪লাখ টকাৰ ভিতৰত ২০লাখ টকা উদ্ধাৰ কৰিছে। ঘটনাৰ সতে জড়িত চাৰি চিলনীচোৰক আটক কৰিছিল কোকৰাঝাৰ আৰক্ষীয়ে ।

লগতে পঢ়ক : Two Died in wild elephant Attack : গোৱালপাৰাৰ লক্ষীপুৰত বন্যহস্তীৰ আক্ৰমণত মৃত্যু দুজনৰ