Local, Vocal, Global

Encounter in Guwahati:গুৱাহাটীত পুনৰ চিলনী চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী

নিউজ ডেস্ক,২৯জানুৱাৰী : গুৱাহাটীত পুনৰ চিলনী চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী।হাতীগাঁও আৰক্ষীৰ গুলীত গুলীবিদ্ধ চিলনী চোৰ।

মঙলবাৰে বনফুল পথৰ ৰিজু শৰ্মা নামৰ মহিলাগৰাকীক আক্ৰমণ কৰি তেওঁৰ হাতৰ বেগ লৈ পলায়ন কৰিছিল গুলীবিদ্ধ টোৰটোৱে।

জানিব পৰা মতে গুলীবিদ্ধ হোৱা চিলনী চোৰটোৰ নাম জুৱেল(Encounter in Guwahati)।

উল্লেখ্য যে, সোমবাৰে নিশা প্ৰায় ৮ বজাত এটিএমৰ পৰা ধন উলিয়াই বাহিৰলৈ অহাৰ পাছতে বনফুল পথৰ ৰিজু শৰ্মা নামৰ মহিলাগৰাকীক এটা চিলনী চোৰে আক্ৰমণ কৰি তেওঁৰ হাতৰ বেগ লৈ পলায়ন কৰিছিল।

এই ঘটনাত মহিলাগৰাকী গুৰুতৰভাৱে আহত হৈছিল। তেওঁক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। পাছত এই সম্পৰ্কে হাতীগাওঁ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰাৰ পাছতে আৰক্ষীয়ে অতি তৎপৰতাৰে অভিযান চলাই জুৱেল নামৰ চিলনী চোৰটোক আটক কৰে। পাছত নিশা আৰক্ষীয়ে জুৱেলৰ সতীৰ্থৰ সন্ধানত আৰু ঘটনাস্থলীলৈ লৈ যোৱাৰ সময়তে আৰক্ষীৰ কৱলৰ পৰা পলায়নৰ চেষ্টা কৰে। ফলত আৰক্ষীয়ে জুৱেললৈ লক্ষ্য কৰি গুলী চালনা কৰে।

লগতে পঢ়ক :Mahakumbh 2025:মহাকুম্ভ মেলাত পদপিষ্টৰ ঘটনা;মৃত্যু ১০জনতকৈ অধিক লোকৰ