Mission against Maoist: আৰক্ষী আৰু মাওবাদী কেডাৰৰ মাজত তীব্ৰ সংঘৰ্ষ;আটক দুই মাওবাদী নেতা
নেশ্যনেল ডেস্ক, ৮ নৱেম্বৰ : কেৰালা আৰক্ষী আৰু মাওবাদী কেডাৰৰ মাজত তীব্ৰ সংঘৰ্ষ(Mission against Maoist) । মঙলবাৰে নিশা তীব্ৰ সংঘৰ্ষৰ সূত্ৰপাত হয় আৰক্ষী আৰু মাওবাদী কেডাৰৰ মাজত । এই সংঘৰ্ষৰ পিছত আৰক্ষীৰ দলে দুজন মাওবাদী নেতাক আটক কৰে যদিও আন তিনিজন মাওবাদী কেডাৰৰ পলায়ন কৰে(Encounter breaks out between commando teams, Maoists in Wayanad ) ।
সূত্ৰ অনুসৰি আৰক্ষীৰ আটক কৰা মাওবাদী দুজন হৈছে চন্দ্ৰু আৰু উন্নিমায়া । আৰক্ষীয়ে এক জাননী জাৰি কৰে আৰু জাননীত প্ৰকাশ কৰে এই দুই বিদ্ৰোহী কেডাৰৰ নাম ।
উল্লেখ্য যে , থালাপ্পুঝা থানাৰ সীমাৰ অন্তৰ্গত বনাঞ্চলত সংঘটিত হৈছিল এক গুলীচালনাৰ ঘটনা । স্থানীয় বাসিন্দাসকলে জানিবলৈ দিয়া অনুসৰি, এই গুলীচালনা ৩০ মিনিটতকৈ অধিক সময় ধৰি চলিছিল । তিনিগৰাকী মহিলা আৰু এজন পুৰুষকে ধৰি মাওবাদী বিদ্ৰোহী গোটটোৱে গভীৰ নিশা অনিছ নামৰ স্থানীয় বাসিন্দা এজনৰ ঘৰলৈ আহিছিল, তেওঁলোকৰ ঘৰৰ পৰা খাদ্য সংগ্ৰহৰ উদ্দেশ্যৰে(Encounter breaks out between Kerala Police’s commando teams, Maoists in Wayanad) ।
আৰক্ষীয়ে লাভ কৰা গোপন তথ্যৰ ভিত্তিত মঙলবাৰে নিশা চাপৰা কলনীত উপস্থিত হয় আৰক্ষীৰ বিশেষ দলটো আৰু মাওবাদী বিদ্ৰোহী গোটটোক ঘেৰি ধৰে । পৰিয়ালৰ লোকে জনোৱা মতে, আৰক্ষীয়ে আত্মসমৰ্পণ কৰিবলৈ কোৱাৰ পিছতে আৰম্ভ হয় প্ৰচণ্ড গুলীয়াগুলী ৷ গুলীয়াগুলিৰ ফলত ঘৰৰ দুৱাৰ আৰু আন কিছুমান সামগ্ৰী ক্ষতিগ্ৰস্ত হৈছে । এই অভিযানৰ সময়ত মাওবাদীয়ে ৰাজ্যৰ আৰক্ষী বাহিনীৰ অভিজাত কমাণ্ডো বাহিনী স্পেচিয়েল অপাৰেচন গ্ৰুপ (এছ অ’ জি) আৰু থাণ্ডাৰবল্ট স্কোৱাডক গুলীচালনা কৰে । বাহিনীটোৱে প্ৰতিশোধ লয় বুলি সূত্ৰটোৱে জনায় । হতাহতি সন্দৰ্ভত কোনো তাৎক্ষণিক তথ্য পোৱা নাই ।ৱায়ানাডত মাওবাদীৰ সৈতে এইবাৰ চতুৰ্থবাৰৰ বাবে মুখামুখি হৈছে আৰক্ষী(Encounter breaks out between Kerala Police’s commando teams, Maoists in Wayanad)।