Local, Vocal, Global

Encounter between security forces and terrorists underway : জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ

নিউজ ডেস্ক,২০অক্টোবৰ : পুনৰ জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ।

জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাত নিয়ন্ত্ৰণ ৰেখাৰ (এলঅ’চি) সমীপত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হয় প্ৰচণ্ড সংঘৰ্ষ।

দেওবাৰে ভাৰতীয় সেনাই আনুষ্ঠানিকভাৱে এই কথা অৱগত কৰে(Encounter between security forces and terrorists underway along LOC in Baramulla)।

ভাৰতীয় সেনাৰ চিনাৰ কৰ্পছে এক্সৰ এটা পোষ্টত কয়,” জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাত নিৰাপত্তাৰক্ষীয়ে এক অভিযান আৰম্ভ কৰিছিল। অনুপ্ৰৱেশৰ চেষ্টা সন্দৰ্ভত চোৰাংচোৱা তথ্যৰ ওপৰত ভিত্তি কৰি ভাৰতীয় সেনা আৰু জম্মু কাশ্মীৰ আৰক্ষীয়ে উৰি, বাৰামুলাত যুটীয়া অভিযান আৰম্ভ কৰিছিল । অভিযানৰ সময়তে সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰ গুলীচালনা কৰে । সেনাইও ইয়াৰ প্ৰত্যুত্তৰ দিয়ে । সম্প্ৰতি অভিযান চলি আছে ।”

ইফালে,জম্মু-কাশ্মীৰ আৰক্ষীয়ে পুঞ্চ জিলাৰ পৰা দুটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে। জম্মু-কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (এডিজিপি) আনন্দ জৈনে শনিবাৰে এই কথা সদৰী কৰে।

আনন্দ জৈনে কয় যে এই গ্ৰেপ্তাৰৰ ফলত সম্ভাব্য একাধিক গ্ৰেণেড আক্ৰমণ প্ৰতিৰোধ কৰা হৈছে । তেওঁ কয়, “আমি এক বৃহৎ সফলতা লাভ কৰিছো । কিয়নো গ্ৰেণেড নিক্ষেপ, দেশ বিৰোধী পোষ্টাৰ লগোৱা কাৰ্যত জড়িত দুই সন্ত্ৰাসবাদীক আমি গ্ৰেপ্তাৰ কৰিছো… তেওঁলোকে গুৰুদ্বাৰ, মন্দিৰ, চিকিৎসালয়, সেনা ঘাটিত গ্ৰেণেড নিক্ষেপ আদি কাৰ্যত জড়িত আছিল ।” তেওঁ লগতে কয় যে সন্ত্ৰাসবাদীকেইটাই অঞ্চলটোৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰিব বিচাৰিছিল (Encounter between security forces and terrorists underway)।

লগতে পঢ়ক :Ferry service suspended at kamalabari Nimati Ghat : আজিৰে পৰা অনিৰ্দিষ্টকাললৈ বন্ধ কমলাবাৰী ঘাটৰ ফেৰীসেৱা