পুনৰ এনকাউণ্টাৰ লখিমপুৰত ! গুলীবিদ্ধ দুই ড্ৰাগছ সৰবৰাহকাৰী

নিউজ ডেস্ক, ১১ মাৰ্চ : পুনৰ এনকাউণ্টাৰ লখিমপুৰত ৷ দুই ড্ৰাগছ বেপাৰীক ভৰিত গুলীবিদ্ধ লখিমপুৰ আৰক্ষীৰ ৷ এই ঘটনা সংঘটিত হয় নিশা প্ৰায় দুই বজাত ৷ আৰক্ষী সূত্ৰই জনোৱা মতে, বৃহস্পতিবাৰে সন্ধিয়া বিহপুৰীয়া আৰু বান্দৰদেৱা আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ পৰিমাণৰ সন্দেহজনক হেৰ’ইনসহ আটক কৰিছিল দুই সৰবৰাহকাৰীক৷ জানিব পৰা মতে সৰবৰাহকাৰী দুজনৰ ঘৰ নগাঁৱত৷

আটকাধীন জাকিৰ হুছেইন, আব্দুল জব্বৰ আৰু গাড়ী চালক জাহেদ আলীক লৈ আৰক্ষীয়ে নিশাৰ ভাগত বিশেষ অভিযান চলাই থাকোতেই পলায়নৰ চেষ্টা কৰে জাকিৰ হুছেইন আৰু জাহেদ আলীয়ে। যাৰফলত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। আটকাধীন যুৱক দুজন সম্প্ৰতি মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। বান্দৰদেৱাৰ বুধবৰীয়া বজাৰত সংঘটিত হয় এই এনকাউণ্টাৰৰ ঘটনা৷