Local, Vocal, Global

অসমত পুনৰ এনকাউন্টাৰ

নিউজ ডেস্ক, ৬ জুলাই : অসমত পুনৰ সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা।

অসমৰ কোকৰাঝাৰ জিলাত আৰক্ষীৰ গুলীচালনাত আহত হৈছে এজন সন্দেহযুক্ত চোৰ । এজন আৰক্ষী বিষয়াৰ চাৰ্ভিচ গান কাঢ়ি নিবলৈ চেষ্টা কৰা অৱস্থাত আৰক্ষীয়ে গুলীচালনা কৰে ব্যক্তিজনক।

ভৰিত গুলী লগাৰ পিছত ব্যক্তিজনক চিকিৎসালয়ত ভৰ্তি কৰায় হৈছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্তজনক মঙলবাৰে নিশা এটা কাঢ়ি নিয়া মোনা উদ্ধাৰ কৰিবলৈ জিলাখনৰ বালাজান টিনিয়ালীলৈ লৈ যোৱা হৈছিল।

আৰু উভতি অহাৰ সময়ত তেওঁ এজন বিষয়াৰ পিষ্টল কাঢ়ি নিবলৈ চেষ্টা কৰিছিল আৰু পলাই গৈছিল। আৰক্ষীয়ে অৱশেষত গুলী চালনা কৰি তেওঁক ভৰিত আঘাত কৰে।