Local, Vocal, Global

Elephant Terror in Golaghat : গোলাঘাটত বন্যহস্তীৰ মুক্ত বিচৰণ; আতংক ৰাইজ

নিউজ ডেস্ক, ৫ মাৰ্চ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Golaghat )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়( Elephant Terror in Golaghat)।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

ৰাজ্য়ৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ গোলাঘাট জিলাৰ মৰঙি মৌজাৰ বিভিন্ন গাৱঁত নিশা হ’লেই উপদ্ৰৱ চলাই আহিছে হাতীৰ এটা বৃহৎ জাকে ৷ মঙলবাৰে লেটেকুজান চাহ বাগিচাৰপৰা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি ফুলনি গাঁৱৰ মাজেৰে গৈ বগীঢলাৰ দিশে গমন কৰিলে হাতীৰ জাকটোৱে ৷ ৰাজপথত হাতীৰ জাকটোৰ মুক্ত বিচৰণ প্ৰত্যক্ষ কৰি পথৰ দুয়োপাৰে জুম বান্ধে স্থানীয় লোকে ৷ বন্যহস্তীৰ জাকটো ৰাজপথত বিচৰণ কৰাৰ ফলত বহু সময় ধৰি যান-বাহনো কিছু সময় আৱদ্ধ হৈ পৰে ৷

উল্লেখযোগ্য যে বনাঞ্চল সমূহত বন্যহস্তীৰ খাদ্যৰ নাটনি হোৱাৰ ফলতে দৈনিক জাকে জাকে বন্যহস্তী জনাঞ্চলত প্ৰবেশ কৰি সৃষ্টি কৰে সন্ত্ৰাস । নিশাতো বাদেই, দিনৰ পোহৰতো বৃহত্তৰ মৰঙী মৌজাৰ বিভিন্ন গাঁৱত প্ৰবেশ কৰি ভঁৰালৰ ধান খাই তহিলং কৰাৰ লগতে ভাঙি তচনচ কৰে বাসগৃহ । ইয়াৰ পাচতো কুম্ভকৰ্ণ নিদ্ৰাত বিয়াগোম বন বিভাগ ।

স্থানীয় ৰাইজে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় জনপ্ৰতিনিধিক হাতী-মানুহৰ সংঘাত প্ৰতিৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাই আহিছে যদিও বৰ্তমানলৈকে কোনোধৰণৰ বাস্তৱ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে(Elephant Terror in Golaghat) ।

আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।

হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।

লগতে পঢ়ক : Former Twitter executives sue Elon Musk for USD128 million in severance payments : এক্সৰ মুৰব্বী এলন মাস্কৰ বিৰুদ্ধে গোচৰ ৰুজু