Elephant Terror at Letekujan in Golaghat : লেতেকুজান চাহ বাগিচাত বন্যহস্তীৰ সন্ত্ৰাস

নিউজ ডেস্ক, ২ মাৰ্চ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ ।ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Elephant Terror at Letekujan in Golaghat)।
অন্যপ্ৰান্তৰ সমান্তৰালকৈ গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ চাহ বাগিচাসমূহত বন্যহস্তীয়ে তাণ্ডৱ চলাই আহিচে ।
বিগত এমাহৰ অধিক সময় ধৰি পোৱালীসহ এটা হাতীৰ জাকে গোলাঘাটৰ লেতেকুজান চাহ বাগিচাত অৱস্থান কৰি আছে । বাগিচাখনৰ লোকসকলে বন্যহস্তীৰ জাকটো বনাঞ্চললৈ খেদিবলৈ চেষ্টা কৰে যদিও ওলোটাই বন্যহস্তীয়ে চোঁচা লৈছে মানুহলৈ ।
এতিয়া যেন বন্যহস্তীৰ আশ্ৰয়স্থলীলৈ পৰ্যবসিত হৈছে মৰঙি মৌজাৰ বিভিন্ন চাহ বাগিচাসমূহ। বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীয়ে নাযায় চাহ বাগিচা এৰি । চাহ বাগিচাৰ হোলাসমূহত ঘাঁহ-বন খাই চাহ বাগিচাতেই অৱস্থান কৰিছে দীৰ্ঘদিনে । দৈনিক কোনো এখন চাহ বাগিচাত অৱস্থান কৰে বন্যহস্তীৰ জাকে । কিন্তু বৰ্তমানলৈকে বন্যহস্তীৰ জাকটোৱে কোনো অনিষ্ট কৰা নাই । এই বন্যহস্তীৰ জাকটো বাগিচাখনত আশ্ৰয়স্থল হিচাপে অৱস্থান কৰাত চাহ শ্ৰমিকে বিভিন্ন সমস্যাৰ সম্মুখীন হবলগীয়া হৈছে(Elephant Terror at Letekujan in Golaghat)।
ইফালে গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙি মৌজাৰ থুৰামুখ, তেল গৰম, পংকা, দৈগ্ৰং, আদিকে বিভিন্ন অঞ্চলৰ লগতে গোলাঘাটৰ আইটননিয়া মিৰি গাঁও, জামুগুৰি, ওৱাটিং, গাড়ীগাঁও, আঠগাঁও, আদি অঞ্চলত নিশাৰ ভাগত বন্যহস্তীৰ জাকে প্ৰবেশ কৰি সৃষ্টি কৰি আহিছে সন্ত্ৰাসৰ ।
কিন্তু ইমানৰ পাচত কুম্ভকৰ্ণ নিদ্ৰাত বিয়াগোম বন বিভাগ । স্থানীয় ৰাইজে বাৰম্বাৰ এই হাতী মানুহৰ সংঘাত নিৰ্মূল কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনাই আহিছে যদিও বৰ্তমানলৈকে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি স্থানীয় লোক অভিযোগ উত্থাপন কৰিছে ।