Elephant Safari to Open for Tourists in Kaziranga :১ নৱেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ’ব ২০২৪-২৫ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰী

নিউজ ডেস্ক,২৬অক্টোবৰ : প্ৰকৃতিপ্ৰেমীৰ বাবে ভাল খবৰ। ১ নৱেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ’ব ২০২৪-২৫ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰী ৷
প্ৰতি বছৰৰ দৰে এই বছৰো ১ নৱেম্বৰত হাতী ছাফাৰী মুকলি কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷
২০২৪-২৫ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰীৰ বাবে আৰম্ভ কৰা হৈছে হাতীৰ স্বাস্থ্য পৰীক্ষা৷ স্বাস্থ্য পৰীক্ষাৰ পাছতহে ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় পোহনীয়া হাতী ছাফাৰীৰ বাবে চিনাক্ত কৰা হ’ব বুলি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই(Elephant Safari to Open for Tourists in Kaziranga from November 10)৷
জানিব পৰা মতে, ১ অক্টোবৰত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মুকলি কৰিলে ৰাষ্ট্ৰীয় উদ্যানখন। বাগৰি বনাঞ্চলৰ দ্বাৰমুখত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ফিটা কাটি মুকলি কৰে ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষ। কঁহৰা আৰু বুঢ়াপাহাৰ বনাঞ্চল মুকলিৰ পাছতে জীপ ছাফাৰী কৰিছিল বনমন্ত্ৰীগৰাকীয়ে। এইবাৰ পৰ্যটকৰ সুবিধাৰ বাবে হাইকিং, ট্ৰেকিং, পক্ষী নিৰীক্ষণ, চাইকেল চলোৱা পথৰো সংযোজন কৰা হৈছে।
লগতে পঢ়ক :Assam Online Trading Scam: আজি আদালত হাজিৰ কৰোৱা হ’ব চুমি-তাৰ্কিক আৰু বিশাল ফুকনক