Local, Vocal, Global

Man Elephant conflict : তামুলপুৰত বন্যহস্তীৰ উপদ্ৰৱ;বন্যহস্তীৰ আক্ৰমণত মৃত্যু দুজন লোকৰ

নিউজ ডেস্ক, ১৬ ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Tamulpur )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant conflict)।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

এইবাৰ তামুলপুৰত বন্যহস্তীৰ আক্ৰমণত মৃত্যু দুজন লোকৰ । শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনাটো ।

উল্লেখ্য যে, শুকুৰবাৰে নিশা তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ বৰনদীৰ পাৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত দুজন লোক। শুকুৰবাৰে সন্ধিয়া গ্ৰাছলেণ্ড(বগামটি) নামৰ ঠাইত সংঘটিত হয় ঘটনাটো।

জানিব পৰা মতে, নিশা লোকদুজন গৰু আনিবলৈ যাওঁতে হঠাৎ হাতীয়ে গছকি মাৰে লোক দুজনক। নিহত লোক দুজনৰ অজয় মিন্স (৩১) আৰু ৰাজেশ তিৰকী(৩০) বুলি জানিব পৰা গৈছে। নিহত লোক দুজনৰ ঘৰ দেওচুঙা ওৰাং বস্তি ।এই ঘটনাৰ পিছতে ঘটনাস্থলীত নাগ্ৰিজুলী আৰক্ষী আৰু নাগ্ৰিজুলী বন বিভাগৰ লোকে উপস্থিত হয় আৰু লোক দুজনৰ মৃতদেহ উদ্ধাৰ কৰে ।

আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।

হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।

লগতে পঢ়ক :Parliament Attack : লোকসভা সদনৰ ঘটনা সন্দৰ্ভত ৫জনক আটক