Man Elephant Conflict : পুনৰ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ

তামুলপুৰ, ১১ ডিচেম্বৰ : তামুলপুৰত বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজন যুৱকৰ। তামুলপুৰত অব্যাহত আছে হাতী মানুহৰ সংঘাত । হাতী সন্ত্ৰাসত নিদ্ৰা হৰিছে গঞা ৰাইজৰ ।
ৰাজ্যত যেন হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।এফালে হাতীৰ বাবে মানুহৰ মৃত্যু, আনফালে জীৱশ্রেষ্ঠৰ বাবে হাতীৰ মৃত্যু। ভয়াৱহতকৈ ভয়াৱহৰ জ্বলন্ত সমস্যা হৈ পৰিছে এতিয়া হাতী-মানুহৰ সংঘাত তথা উপদ্ৰৱ।
অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Tamulpur )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant Conflict)।
নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ তামুলপুৰতো অব্যাহত আছে হাতী মানুহৰ সংঘাত। তামুলপুৰৰ ঝাজিকোনা (ঢেঁকিপোটা)ত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় এজন যুৱক।
নিতৌ তামুলপুৰৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে চলাই আহিছে উপদ্ৰৱ। বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰাহৰণ হৈছে অঞ্চলটোৰ ৰাইজৰ। তামুলপুৰৰ ঝাজিকোনা, ঢেঁকিপোটা, কচুকাটা, পূৱ কচুকাটা, দক্ষিণ দেফেলী আদি জিলাখনৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে খেতিপথাৰ বিনষ্ট কৰাৰ লগতে বাৰিৰ তামোল-নাৰিকল, মানুহৰ ঘৰ-দুৱাৰ আদি ভাঙি বিস্তৰ ক্ষতিসাধন কৰি আহিছে।
সোমাবাৰে পুৱাৰ ভাগত ঢেঁকিপোটা ঝাজিকোনাত বনৰীয়া হাতীৰ আক্ৰমণত গৌতম মেধী (৪০) নামৰ এগৰাকী যুৱক গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়। গুৰুতৰভাবে আঘাতপ্ৰাপ্ত যুৱক জনক স্থানীয় ৰাইজৰ সহযোগত উন্নত চিকিৎসাৰ বাবে তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে যদিও ইতিমধ্যে লোকজনৰ মৃত্যু হৈছে।
আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।
হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।
লগতে পঢ়ক : Man Elephant Conflict : কঠিয়াতলীত বন্যহস্তীৰ সন্ত্ৰাস,বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰা হৰিছে গঞা ৰাইজৰ