Local, Vocal, Global

Elephant menace in Tamulpur : তামুলপুৰত বন্যহস্তীৰ তাণ্ডৱ; বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন

নিউজ ডেস্ক, ২৪ছেপ্টেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Tamulpur)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

এইবাৰ তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তত হাতী মানুহৰ সংঘাত ( Man Elephant confli in Tamulpur)। তামুলপুৰত বন্যহস্তীৰ তাণ্ডৱত শংকিত হৈ পৰিছে অঞ্চলবাসী । প্ৰায়ে জিলাখনৰ সীমান্ত অঞ্চল সমূহত বনৰীয়া হাতী প্ৰৱেশ কৰি ঘৰ-দুৱাৰ ভাঙি পেলোৱাৰ লগতে খেতিপথাৰৰ বিস্তৰ ক্ষতিসাধন তথা কেইবাজনো লোক হাতীৰ আক্ৰমণত নিহত হোৱাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশিত হৈ আছে ।

দেওবাৰে পুনৰ পুৱতি নিশাই তামুলপুৰ জিলাৰ বগাজুলি গৌজনফুৰিত এটা বনৰীয়া হাতী প্ৰৱেশ কৰি গাওঁখনত আতঙ্কৰ সৃষ্টি কৰে। বনৰীয়া হাতীৰ তাণ্ডৱত শংকিত হৈ পৰে ৰাইজ ।

বনৰীয়া হাতীটোক গঞাই খেদি পঠিয়াবলৈ চেষ্টা চলাওঁতে গাওঁখনৰ আচিনা বসুমতাৰী (৪৮) নামৰ এজন লোকক হাতীটোৱে আক্ৰমণ কৰে আৰু হাতীৰ আক্ৰমণত নিহত হয় আচিনা বসুমতাৰী নামৰ লোকজন।

এই ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয়বিধায়ক জলেন দৈমাৰী, বিটিচিৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰীসহ কুমাৰীকাটা আৰক্ষীৰ এটি সঁজাতি দল উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে।

আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।

হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।

লগতে পঢ়ক :Youth rescued in Guwahati : মহানগৰীত উদ্ধাৰ উত্তৰ প্ৰদেশৰ নিৰুদ্দিষ্ট যুৱক