Local, Vocal, Global

Elephant menace in Sonitpur : শোণিতপুৰত বন্যহস্তীৰ ত্ৰাসত কম্পিত কৃষক ৰাইজ;ভাঙি লণ্ডভণ্ড বাসগৃহ,সা-সামগ্ৰী

নিউজ ডেস্ক,২৪জুন : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা শুনিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে(Elephant menace in Sonitpur) ।

খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ হাতীৰ আক্ৰমত ইতিমধ্যে বহুতো লোকৰ মৃত্যু ঘটিছে ৷ হাতীৰ উপদ্ৰৱত শংকিত আৰু অতিষ্ঠ হৈছে ৰাইজ ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ শোণিতপুৰত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। সোমবাৰে পুৱতি নিশাৰে পৰা চাৰিদুৱাৰৰ অন্তৰ্গত ননকে,বাকোলা,মৰিসুঁতি আদি গাঁৱত এটা বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই আছে৷ অঞ্চলটোত অত্যাচাৰ চলাই ২০ তাতকৈ অধিক বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰিছে ।

জানিব পৰা মতে, নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত নিশা ওলাই অহা বনৰীয়া হাতীৰ আক্ৰমণত বিগত সময়ত মৃত্যু হৈছে বহুলোকৰ৷ লগতে ঘৰ-দুৱাৰৰ লগতে মন্দিৰৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিছে ৷

যোৱা নিশাও হাতীৰ জাকৰ পৰা ফালৰিকাটি অহা এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে গাঁও সমূহত প্ৰৱেশ কৰি তাণ্ডৱ চলায়৷ স্থানীয় ৰাইজৰ অভিযোগ হাতী খেদাত ব্যৰ্থ বন বিভাগ।

লগতে পঢ়ক : Poisonous Mushrooms Reaction in Orang : বিষাক্ত কাঠফুলা খাই অসুস্থ ৭গৰাকীকৈ লোক