Local, Vocal, Global

Man Elephant conflict : ৰূপহীহাটৰ আমবাগান টুবুকী জাৰণিত পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন

ৰূপহীহাট,১৬মে’ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Rupohihat )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant conflict)।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

ৰাজ্যত হাতী-মানুহৰ সংঘাটে লৈছে ভয়ংকৰ ৰূপ। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা বন্যহস্তীৰ মুক্তি বিচৰণৰ ফলত মানুহৰ সৈতে হোৱা সংঘাটৰ ফলত বহু লোকৰ প্ৰাণহানি হৈছে।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ ৰূপহীহাটত অব্যাহত আছে হাতী মানুহৰ সংঘাত। ৰূপহীহাটৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ তাণ্ডৱ বৃদ্ধিয়ে অতীষ্ঠ কৰিছে সৰ্বসাধাৰণ ৰাইজক ৷

এইবাৰ ৰূপহীহাটৰ আমবাগান টুবুকী জাৰণিত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন ।

জানিব পৰা মতে, ৰূপহীহাটৰ লাওঁখোৱাত অব্যাহত আছে হাতী মানুহৰ সংঘাত। নিতৌ খাদ্যৰ সন্ধানত লাওঁখোৱা বনাঞ্চলৰ পৰা ওলাই অহা বন্যহন্তীয়ে উপদ্ৰৱ চলাই আহিছে লাওঁখোৱাৰ জনাঞ্চলত। চলিত বৰ্ষতে বনৰীয়া হাতীৰ আক্ৰমণত কেইবাজনো লোক নিহত হৈছে লাওঁখোৱা অভয়াৰণ্যৰ আশে পাশে থকা জনাঞ্চল সমূহত। ইয়াৰ সমান্তৰালকৈ আজিও সংঘটিত হৈছে ইয়াৰ অনুৰূপ ঘটনা ।

বৃহস্পতিবাৰে পুৱা ৫ মান বজাত আমবাগান তহলদাৰী আৰক্ষী চকীৰ অন্তৰ্গত টুবুকী জাৰণিত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো ।

আমবাগানত পুৱা হাতীৰ আক্ৰমণত এজন লোক নিহত হয়। নিহত লোক জন টুবুকী জাৰণিৰ যতীন্দ্ৰ মণ্ডল বুলি জানিব পৰা গৈছে। পুৱা ঘৰৰ পৰা খেতি পথাৰলৈ কাম কৰিবলৈ যোৱাৰ সময়তে ৰাজপথৰ কাষতে হাতীৰ আক্ৰমণত নিহত হয় লোকজন।

এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত লাওঁখোৱা বন বিভাগৰ লোকৰ লগতে আমবাগান আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। হাতী মানুহকৰ সংঘাত দূৰ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে।

আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।

হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।

লগতে পঢ়ক : Man Elephant conflict : ৰূপহীহাটৰ আমবাগান টুবুকী জাৰণিত পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন