Man Elephant conflict : ৰৌতাত বন্যহস্তীৰ তাণ্ডৱ; বন্যহস্তীৰ আক্ৰণত আহত দুজন
নিউজ ডেস্ক, ২৪ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Routa )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant conflict)।
নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
ৰাজ্যত হাতী-মানুহৰ সংঘাটে লৈছে ভয়ংকৰ ৰূপ। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা বন্যহস্তীৰ মুক্তি বিচৰণৰ ফলত মানুহৰ সৈতে হোৱা সংঘাটৰ ফলত বহু লোকৰ প্ৰাণহানি হৈছে।
এইবাৰ ৰৌতাত বন্যহস্তীৰ তাণ্ডৱ । বন্যহস্তীৰ আক্ৰণত আহত দুগৰাকী ব্যক্তি । দেওবাৰে পুৱতি নিশাৰ পৰাই ৰৌতাত এজাক বনৰীয়া হাতীয়ে চলাই আছে তাণ্ডবলীলা। ঘন জনবসতিপূৰ্ণ অঞ্চলত হাতীৰ প্ৰৱেশত আতংকিত হৈ পৰে গঁঞা ৰাইজ।
প্ৰথমবাৰৰ বাবে ৰৌতাৰ এই অঞ্চলত হাতীৰ প্ৰৱেশত আতংকিত গঁঞাই ঘৰ-বাৰী এৰি ৰাজপথলৈ ওলাই আহে। বোমা ফুটাই, ট্ৰেক্টৰৰ শব্দৰ দ্বাৰা হাতী খেদাৰ চেষ্টা চলাই ৰাইজে।
প্ৰায় ১০০ হাতীৰ জাকে ৰৌতাৰ ধনশ্ৰীখুটি, ৰৌতা বাগান, ৰৌতা ষ্টেচনত চলাই এই তাণ্ডৱ। হাতীৰ গচকত ৰৌতা বাগান ভিচিডিচিৰ প্ৰাক্তন চিয়াৰমেন জয়ন্ত হাজৰিকা আৰু মীনাক্ষী সিংহ নামৰ মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইয়াৰে জয়ন্ত হাজৰিকা নামৰ লোকজনক সংকটজনক অৱস্থাত ৰৌতা মডেল হস্পিটেললৈ প্ৰেৰণ কৰা হয় যদিও আঘাত গুৰুতৰ হোৱাত ততাতৈয়াকৈ GHCHলৈ প্ৰেৰণ কৰে।
আহত আনগৰাকী মহিলা বৰ্তমান ৰৌতা চিকিৎসালয়লৈ ভৰ্তি হৈ আছে। বনৰীয়া হাতীৰ বৃহৎ জাকৰ তাণ্ডবত খেতি-বাতি নষ্ট কৰাৰ লগতে বাসগৃহৰো ক্ষতি সাধন কৰে। বৰ্তমানেও হাতীৰ জাকটো কিছু দূৰত অৱস্থান কৰি আছে।
আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।
হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।
লগতে পঢ়ক : woman found in oc Nur jahangir Ahmed’s Residence : চুঙাজানৰ OC নুৰ জাহাংগীৰ আহমেদৰ লজ্জানত কাৰ্য