Elephant menace in Numaligarh:নুমলীগড়ত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস
দেৰগাঁও,২৫নৱেম্বৰ: নুমলীগড়ত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস ৷ নিতৌ নুমলীগড়ৰ বিভিন্ন অঞ্চলত খাদ্যৰ সন্ধানত প্ৰৱেশ কৰে বনৰীয়া হাতীৰ জাক।
দেওবাৰে নিশা মৰঙি মৌজাৰ পশ্চিম সীমান্তৰ কানাইঘাটৰ ধাননি পথাৰত এটা বৃহৎ হাতীৰ জাকে উপদ্ৰৱ চলাই(Elephant menace in Numaligarh) ৷
হাতীৰ জাকটোক স্থানীয় কৃষক ৰাইজে খেদাৰ চেষ্টা কৰে যদিও সফল নহ’ল ৷
ঘটনা সন্দৰ্ভত নুমলীগড় খণ্ড বন বিভাগক খবৰ দিয়ে যদিও পুৱা পৰ্যন্ত উপস্থিত নহয় বনকৰ্মী লোক৷
যাৰ ফলত পথাৰৰ পকা ধান খাই গছকি তহিলং কৰে হাতীৰ জাকটোৱে৷ কানাইঘাট, পংকা পথাৰত হাতীৰ উপদ্ৰৱত ত্ৰাহিমধুসূদন সুৱঁৰিছে কৃষক ৰাইজে ৷
লগতে পঢ়ক:Elephant menace in Rangapara: বাগিচাৰ মাজেৰে পাৰ হ’ল হাতীৰ জাক