Local, Vocal, Global

Elephant menace in Numaligarh : নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত বনহস্তীয়ে ভাঙিলে অসম গেছ কোম্পানীৰ গেছ পৰিবাহী পাইপ লাইন

নুমলীগড়,৭অক্টোবৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Numaligarh)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে । ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ নুমলীগড়ত অব্যাহত আছে বনহস্তীৰ তাণ্ডৱ।নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গোবিন্দপুৰৰ কাষত বনহস্তীৰ তাণ্ডৱ।

নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত বনহস্তীয়ে ভাঙিলে অসম গেছ কোম্পানীৰ গেছ পৰিবাহী পাইপ লাইন।ফলত নিৰ্গত হৈ আছে গেছ।

সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিৱেশ। ঘটনাস্থলীত উপস্থিত নুমলীগড় আৰক্ষীৰ দল আৰু অসম গেছ কোম্পানীৰ লোক।

লগতে পঢ়ক :Moving car caught fire in Dhubri :দাউ দাউকৈ জ্বলি উঠিল চলন্ত চাৰিচকীয়া বাহন