Elephant menace in Nagaon : নগাঁৱৰ বঢ়মপুৰত বন্যহস্তীৰ ত্ৰাসত শংকিত কৃষক ৰাইজ

নিউজ ডেস্ক,১২জুন : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা শুনিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে ।
খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে(Elephant menace in Nagaon) ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ হাতীৰ আক্ৰমত ইতিমধ্যে বহুতো লোকৰ মৃত্যু ঘটিছে ৷ হাতীৰ উপদ্ৰৱত শংকিত আৰু অতিষ্ঠ হৈছে ৰাইজ ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নগাঁৱৰ বঢ়মপুৰত বন্যহস্তীৰ ত্ৰাসত কম্পিত কৃষক ৰাইজ । বঢ়মপুৰৰ ১নং ঘোগৰ গাঁৱত বিগত কেইবাদিনো ধৰি ৪০/৫০ জনীয়া হাতীৰ এটা জাকৰ মুক্ত বিচৰণত শংকিত ৰাইজ । কৃষকে কৃষিকাৰ্য আৰম্ভ নকৰোতেই কৃষিভূমিৰ সমীপত বন্যহস্তীৰ অৱস্থানে কৃষক ৰাইজৰ মনত ঘনীভূত কৰিছে ঘোৰ শংকা । এতিয়া যেন তেনে এই পৰিস্থিতিৰে সূচনা হৈছে নগাঁও জিলাৰ বঢ়মপুৰৰ ১নং ঘোগৰ গাঁৱত ।
গাঁওখনৰ সমীপৰে এখন বৃহৎ ঝাৰণিত অৱস্থান গ্ৰহণ কৰিছে বন্যহস্তীৰ ডাঙৰ জাকটোৱে । বহুকেইটা পোৱলিসহ বন্যহস্তীৰ জাকটো প্ৰত্যক্ষ কৰি শংকিত হৈ পৰিছে গাঁৱখনৰ ৰাইজ । কৃষিকাৰ্য আৰম্ভ কৰিবলৈ লোৱাৰ প্ৰাকমূহুৰ্তত হাতীৰ জাকটো দেখি শংকিত স্থানীয় কৃষক সকলো । বন বিভাগক শীঘ্ৰেই ঝাৰণিখনৰ পৰা হাতীৰ জাকটো খেদি পঠিয়াবলৈ আহ্বান শংকিত কৃষক ৰাইজৰ ।
লগতে পঢ়ক : Cattle and buffaloes seized in cachar : কাছাৰত ১৮ টা বাৰ্মিজ গৰু আৰু ৪ টা ম’হ জব্দ বি এছ এফৰ