Local, Vocal, Global

Man Elephant Conflict : কঠিয়াতলীত বন্যহস্তীৰ সন্ত্ৰাস,বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰা হৰিছে গঞা ৰাইজৰ

নিউজ ডেস্ক, ১১ ডিচেম্বৰ : ৰাজ্যত যেন হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।এফালে হাতীৰ বাবে মানুহৰ মৃত্যু, আনফালে জীৱশ্রেষ্ঠৰ বাবে হাতীৰ মৃত্যু। ভয়াৱহতকৈ ভয়াৱহৰ জ্বলন্ত সমস্যা হৈ পৰিছে এতিয়া হাতী-মানুহৰ সংঘাত তথা উপদ্ৰৱ।

অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Nagaon )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant Conflict)।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

নগাঁও জিলাৰ কঠিয়াতলীত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস ৷ গৰুবন্ধা মিকিৰ গাঁৱত বন্যহস্তীয়ে ভাঙি লণ্ডভণ্ড কৰিলে নাৰায়ণ চাহু নামৰ এজন লোকৰ বাসগৃহ ৷

কথমপি প্ৰাণৰক্ষা নাৰায়ণ চাহুৰ ৷ খাদ্যৰ সন্ধানত অহা বন্যহস্তীয়ে বাসগৃহটোৰ সকলো আজবাব ভাঙি গৃহহীন কৰে পৰিয়াটোক ৷ বিগত এমাহ ধৰি কন্দলি পাহাৰৰ পৰা অহা হাতীৰ এটা বৃহৎ জাক সিঁচৰিত হৈ কামপুৰ আৰু কঠিয়াতলীৰ বিভিন্ন প্ৰান্তত ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে পথাৰৰ ধান খাই তহিলং কৰিছে ৷

আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।

হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।

লগতে পঢ়ক : Man Elephant Conflict : জামুগুৰিহাটৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ