Local, Vocal, Global

Man Elephant conflict : কঠীয়াতলীত বন্যহস্তীৰ উপদ্ৰৱ;বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰা হৰিছে গঞা ৰাইজৰ

নিউজ ডেস্ক, ৭ ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Nagaon )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant conflict)।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

এইবাৰ নগাঁৱৰ কামপুৰৰ ভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ । বন্যহস্তীৰ তাণ্ডৱত হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ সাধাৰণ জনতা ৷ কামপুৰৰ ভিন্ন অঞ্চলৰ পথাৰৰ ধান খাই তহিলং কৰিছে বন্যহস্তীৰ এটা বৃহৎ জাকে ৷

কামপুৰ ৰাজহ চক্ৰৰ অৰ্ন্তগত কঠীয়াতলীৰ ভিন্ন প্ৰান্তত থকা কুঁহিয়াৰ খেতিত বন্যহস্তীৰ উপদ্ৰৱত ত্ৰাহি মধুসূদন সুঁৱৰিছে কুঁহিয়াৰ কৃষক সকলে। নিশা হলেই কন্দলী পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা হাতীৰ বৃহৎ জাক এটাই বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ভিন্ন প্ৰান্তত চলাই সন্ত্ৰাস। হাতীৰ জাকটোৱে তেলিয়াআটি আৰু বেঙেনাআটি গাঁৱৰ কৃষকৰ বহু বিঘা কুঁহিয়াৰ খেতি খোৱাৰ লগতে গছকি অনিষ্ট কৰাত শোকত ভাঙি পৰিছে কৃষকসকল ।

বানপানীৰ আৰু অনাবৃষ্টিৰ ফলত বহু অনিষ্ট ভোগ কৰাৰ পিছতো কুঁহিয়াৰ খেতি ডৰা বন্যহস্তীৰ পৰা ৰক্ষা কৰিব নোৱাৰি ত্ৰাহিমধুসূদন সুঁৱৰিছে দুখীয়া কৃষকসকলে। বন্যহস্তীৰ জাক খেদাত বন বিভাগৰ নিষ্ক্ৰিয় ভূমিকাক লৈ অভিযোগ উত্থাপন কৰিছে কৃষক ৰাইজে।

স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, নিশা হ’লেই শগুণবাহী পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি আহে প্ৰায় ২০০ জনীয়া হাতীৰ এটা বৃহৎ জাক ৷ এই হাতীৰ জাকটোৱে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ তেলিয়াআটি আৰু পটিয়াপাম গাঁৱৰ কৃষকৰ শ শ বিঘা ধান খাই তহিলং কৰিছে ৷ লগতে বহু বিঘা কুঁহিয়াৰৰ খেতিও অনিষ্ট কৰিছে ৷

বন বিভাগৰ লোকক এই সন্দৰ্ভত অৱগত কৰাৰ পাচতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে । অঞ্চলটোত বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ ক্ষেত্ৰত বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict in Nagaon )।

হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।

লগতে পঢ়ক : Dead Dody Recovered : নগাঁৱৰ ৰেংবেঙৰ সমীপৰ সৰুপথাৰত উদ্ধাৰ মৃতদেহ