Man Elephant conflict : নগাঁৱৰ ভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ

নিউজ ডেস্ক, ৪ডিচেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ । বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰা হৰিছে গঞা ৰাইজৰ ।
ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Nagaon )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা শুনিবলৈ পোৱা যায়(Man Elephant conflict)।
নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
নগাঁও জিলাৰ কঠীয়াতলী বন কাৰ্য্যালয়ৰ অন্তৰ্গত ভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ উপদৱ । নিশা হ’লেই কন্দলী পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি আহে প্ৰায় ২০০ জনীয়া হাতীৰ বৃহৎ জাক এটা । এই বন্যহস্তীৰ জাকটোৱে নগাঁৱৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ভিন্ন প্ৰান্তত চলাই আহিছে সন্ত্ৰাস।
প্ৰায় ১০ দিন ধৰি হাতীৰ জাকটোৱে নিজ কঠীয়াতলী, মহগড়, আহোম গাঁৱৰ কৃষকৰ শ শ বিঘা ধান খাই তহিলং কৰাৰ লগতে বহু বিঘা পাচলি খেতি অনিষ্ট কৰাত কান্দোনত ভাঙি পৰিছে কৃষকসকল ।
পাচলি খেতি কৰি পৰিয়াল পোহপাল দিয়া কৃষক সকলৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । চৰকাৰক এইসকল ভুক্তভোগী কৃষকক ক্ষতিপূৰণ দিবলৈ অনুৰোধ জনাইছে ।ইফালে হাতীৰ জাকটোত এটা নিচেই কনমানি হাতী পোৱালিক আঘাটপ্ৰাপ্ত অৱস্থাত প্ৰত্যক্ষ কৰিছে স্থানীয় লোকে । হাতী পোৱালিটোৰ এটা ভৰি ফুলি যোৱাৰ বাবে ভালকৈ খোজকাঢ়িব পৰা নাই । যাৰ বাবে উক্ত হাতী পোৱালিটোক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ স্থানীয় লোকে বন বিভাগক অনুৰোধ জনাইছে
আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে।
পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে(Elephant menace in kathiatoli)।
হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)। হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।
লগতে পঢ়ক : Man Elephant conflict : কঠিয়াতলীত বন্যহস্তীৰ উপদ্ৰৱ,বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰা হৰিছে গঞা ৰাইজৰ