Local, Vocal, Global

Man Elephant conflict : কঠিয়াতলীত বন্যহস্তীৰ উপদ্ৰৱ,বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰা হৰিছে গঞা ৰাইজৰ

নিউজ ডেস্ক, ২৬ নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ । বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰা হৰিছে গঞা ৰাইজৰ ।

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in kathiatoli)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা শুনিবলৈ পোৱা যায়(Man Elephant conflict)।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

এইবাৰ নগাঁৱৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথত গজৰাজৰ ৰেলী ৷ নিশা হ’লেই নগাঁৱৰ কঠিয়াতলীৰ বিভিন্ন স্থানৰ আতংকৰ কাৰণ হৈ পৰিছে বন্যহস্তী ৷ বনাঞ্চল এৰি এতিয়া জনাঞ্চলত মুক্ত বিচৰণ কৰিছে শতাধিক বন্যহস্তীয়ে ।

কন্দলী পাহাৰৰ পৰা নামি অহা এটা বৃহৎ হাতীৰ জাক পাৰ হয় কঠিয়াতলীৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰে ৷ বন্যহস্তীৰ জাকটো পাৰ হোৱাৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে বহু যান বাহন আবদ্ধ হৈ পৰে ৷

খাদ্যৰ সন্ধানত অহা বন্যহস্তীৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে গঁঞা ৰাইজ ৷ হাতী খেদাত ব্যৰ্থ হৈছে নগাঁৱৰ বন বিভাগ ৷ বন্যহস্তীৰ উপদ্ৰৱত অতিষ্ঠ হৈছে নগাঁৱৰ কঠিয়াতলী, কন্দলী, ননৈ, ৰাঙলু, গমাৰিআটি, কছাৰী গাঁৱৰ লগতে ১০ খনৰো অধিক গাঁৱৰ ৰাইজ ৷ বিগত এমাহ ধৰি দিনে নিশাই উপদ্ৰৱ চলায় বন্যহস্তীৰ জাকে এফালৰ পৰা পকা ধান খায় তহিলং কৰাৰ লগতে অনিষ্ট কৰিছে হাজাৰ হাজাৰ বিঘা পকা ধান ৷

আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে।

পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে(Elephant menace in kathiatoli)।

হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)। হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।

লগতে পঢ়ক : Man Elephant conflict : জামুগুৰিহাটত বন্যহস্তীৰ উপদ্ৰৱ;বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰা হৰিছে গঞা ৰাইজৰ