Local, Vocal, Global

Elephant menace in Kaliabor : কলিয়াবৰত অব্যাহত আছে হাতী সন্ত্ৰাস

কলিয়াবৰ,২৬আগষ্ট : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা শুনিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে।

খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে(Elephant menace in Kaliabor) ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ হাতীৰ আক্ৰমত ইতিমধ্যে বহুতো লোকৰ মৃত্যু ঘটিছে ৷ হাতীৰ উপদ্ৰৱত শংকিত আৰু অতিষ্ঠ হৈছে ৰাইজ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ কলিয়াবৰত অব্যাহত আছে হাতী সন্ত্ৰাস । নিশা হ’লেই বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত নামি আহে বনৰীয়া হাতী।

দেওবাৰে নিশা কলিয়াবৰত বনৰীয়া হাতীৰ সন্ত্ৰাস চলাই । দেওবাৰে মাজনিশা কলিয়াবৰৰ জাওঁকটা প্ৰাথমিক বিদ্যালয়ৰ পকী দেৱাল ভাঙি ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ বাবে জমা কৰি থোৱা চাউল খোৱাৰ লগতে অনিষ্ট কৰে এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে।

জানিব পৰা মতে, স্থানীয় ৰাইজৰ আৰু জখলাবন্ধা বন কৰ্মীৰ তৎপৰতাত বনৰীয়া হাতীটো অন্য স্থানলৈ খেদি পঠিয়াবলৈ সক্ষম হয়।

লগতে পঢ়ক :Fake gold smuggler arrested : মঙলদৈত নকল সোণ সৰবৰাহকাৰীৰ জালত পৰিল মধ্যপ্ৰদেশৰ এজন ব্যক্তি