Elephant menace in Kaliabor : কলিয়াবৰত বন্যহস্তীৰ উপদ্ৰৱ; বনৰীয়া হাতীটোৱে উপদ্ৰৱ চলাই লণ্ডভণ্ড কৰিলে বাসগৃহ
নিউজ ডেস্ক,২৭জুন : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা শুনিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে।
খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে(Elephant menace in Kaliabor) ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ হাতীৰ আক্ৰমত ইতিমধ্যে বহুতো লোকৰ মৃত্যু ঘটিছে ৷ হাতীৰ উপদ্ৰৱত শংকিত আৰু অতিষ্ঠ হৈছে ৰাইজ ।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালৈক কলিয়াবৰত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ । বন্যহস্তীৰ সৈতে যেন সহবাস কৰিছে কলিয়াবৰবাসীয়ে । প্ৰতিটো নিশাই বন্যহস্তীৰ ত্ৰাসত উজাগৰী নিশা কটাবলগীয়া হৈছে কলিয়াবৰবাসীয়ে । দীৰ্ঘদিনীয়া সমস্যা সমাধানত যেন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ পৰিছে কলিয়াবৰৰ ৰাইজ ।
পুনৰ বুধবাৰে নিশা কলিয়াবৰৰ সোণাৰী চাহ বাগিচাত এটা বন্যহস্তীৰ উপদ্ৰৱ । বনৰীয়া হাতীটোৱে উপদ্ৰৱ চলাই ভাঙি লণ্ডভণ্ড কৰে বাগিচাখনৰ বগা গঞ্জু নামৰ লোকজনৰ বাসগৃহ । কথমপি প্ৰাণৰক্ষা পৰে লোকজনৰ ।
ভুক্তভোগী লোকজনে জনোৱা অনুসৰি হাতীটোৱে উপদ্ৰৱ চলোৱাৰ সময়ত বাসগৃহটোত নাছিল লোকজন । ওচৰৰে ভতিজাৰ ঘৰতে থকাৰ সময়তে হাতীটোৱে চলাই উপদ্ৰৱ । দুসপ্তাহ পুৰ্বেও বগা গঞ্জুৰ বাসগৃহৰ ক্ষতিসাধন কৰিছিল বন্যহস্তীয়ে ।
ইফালে স্থানীয় লোকে উল্লেখ কৰা অনুসৰি বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰাত ব্যৰ্থ বনবিভাগ । প্ৰশাসন, বন বিভাগৰ সহায় বিচাৰি কলিয়াবৰীয়া ৰাইজে জনোৱা গোঁহাৰিৰ কোনো সুফল পোৱা নাই আজি পৰ্যন্ত । পূৰ্বে ধান পকাৰ দিনতহে বন্যহস্তীয়ে উপদ্ৰৱ কৰিছিল যদিও এতিয়া খাদ্যৰ সন্ধানত বাৰ মাহেই কলিয়াবৰৰ জনাঞ্চলত বনৰীয়া হাতীৰ বিচৰণ দেখিবলৈ পোৱা যায় । যাৰ ফলত জন-ধনৰ হানি স্বাভাৱিকতে বৃদ্ধি হৈছে(Elephant menace in Kaliabor) ।