Elephant menace in Kaliabor : কলিয়াবৰত বন্যহস্তীৰ উপদ্ৰৱ;নিশা ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিলে দুটাকৈ বাসগৃহ

নিউজ ডেস্ক,৫জুন : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা শুনিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে ।
খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে(Elephant menace in Kaliabor) ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ হাতীৰ আক্ৰমত ইতিমধ্যে বহুতো লোকৰ মৃত্যু ঘটিছে ৷ হাতীৰ উপদ্ৰৱত শংকিত আৰু অতিষ্ঠ হৈছে ৰাইজ ।
কলিয়াবৰত অব্যাহত হাতী-মানুহৰ সংঘাত । মঙবাৰেৰ নিশা কলিয়াবৰত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই । বনৰীয়া হাতীয়ে উপদ্ৰৱৰ দুটাকৈ বাসগৃহ ভাঙি চূৰ্ণ বিচূৰ্ণ হয় । কলিয়াবৰৰ নাম কামাখ্যা গাঁৱত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো ।
জানিব পৰা মতে, বনৰীয়া হাতীয়ে ক্ষতিসাধন কৰে দীপক ভূঞা নামৰ লোকজনৰ বাসগৃহ । ইয়াৰ লগতে, নিশা শুই থকা অৱস্থাতে বনৰীয়া হাতীয়ে ভাঙি পেলায় মঞ্জলী ভূঞাৰ বাসগৃহটো । কথমপি প্ৰাণ ৰক্ষা পৰে মঞ্জলীৰ লগতে তেওঁৰ তিনিজনীয়া পৰিয়ালটোৰ জীৱন । হাতীয়ে ঘৰটোত উপদ্ৰৱ চলোৱাৰ সময়ত ঘৰৰ ভিতৰতে আছিল স্বামী-কন্যাসহ মঞ্জলী ভূঞা ।
সমগ্ৰ ঘটনা সন্দৰ্ভত স্থানীয় বন বিভাগৰ নিৰ্বিকাৰ ভূমিকাত ক্ষোভিত হৈ পৰিছে কলিয়াবৰৰ জনসাধাৰণ । বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত সত্বেও বন বিভাগে সঠিক ব্যৱস্থাপনা গ্ৰহণ নকৰাৰ ফলত স্থানীয় লোকে নিৰাপত্তাহীনতাত দিন কটাবলগীয়াত পৰিছে বুলি সংবাদ মাধ্যমৰ আগত আক্ষেপ প্ৰকাশ কৰে ৷
লগতে পঢ়ক : Massive fire breaks out at children’s eye hospital : চিকিৎসালয়ত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা