Local, Vocal, Global

Man Elephant conflict : কলিয়াবৰত বন্যহস্তীৰ তাণ্ডৱ

কলিয়াবৰ, ১৯ জানুৱাৰী : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in kaliabor )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant conflict)।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ কলিয়াবৰত অব্য়াহত আছে বন্যহস্তীৰ উপদ্ৰৱ ।বৃহস্পতিবাৰে নিশা কলিয়াবৰ বন্যহস্তীয়ে তাণ্ডৱ।

কলিয়াবৰ মহকুমাৰ কলিয়াবৰ আৰক্ষী নিৱেশৰ অন্তৰ্গত দলিবাৰী গাঁৱত বৃহস্পতিবাৰে নিশা বন্যহস্তীয়ে তাণ্ডৱ চলায় । বৃহস্পতিবাৰে নিশা দুঘন্টা ধৰি দুটা হাতীয়ে তাণ্ডৱ চলোৱাৰ ফলত যজ্ঞোৰাম বৰা নামৰ লোকজনৰ ঘৰৰ যথেষ্ট ক্ষতি সাধন হয় । হাতীয়ে লগতে নষ্ট কৰে শাক-পাচলিৰ খেতি । ইপিনে, তেওঁৰ ঘৰৰ কাষেৰে পাৰ হৈ যোৱা দলিবাৰী-সোণাৰী কামাখ্যা পথৰ আধাৰশিলাৰো বন্যহস্তীয়ে ক্ষতিসাধন কৰে । তদুপৰি কৃষি বিভাগৰ প্ৰচাৰ ফলকৰো ক্ষতি সাধন হয় ।

স্থানীয় ৰাইজে এই ঘটনাৰ বিষয়ে বন বিভাগৰ লোকক অৱগত কৰাত শিলঘাট খণ্ড বন বিভাগৰ কৰ্মীয়ে বনৰীয়া হাতী দুটা পাহাৰলৈ খেদি পঠিয়াবলৈ সক্ষম হয় । বৃহত্তৰ কলিয়াবৰৰ বহুকেইখন গাঁৱত নিশা বন্যহস্তীৰ সন্ত্ৰাসত ৰাইজে উজাগৰে কটাবলগীয়া হৈছে । ইপিনে,স্থানীয় ৰাইজে অভিযোগ কৰি কয় যে বন বিভাগৰ ব্যৰ্থতাৰ বাবেই দৈনিক বন্যহস্তীয়া উপদ্ৰৱ চলাই আহিছে ।

আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।

হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।

লগতে পঢ়ক :Traffic Restrictions Imposed in Guwahati Ahead of Amit Shah’s Visit : ২০ জানুৱাৰীৰ দিনটোৰ বাবে মহানগৰীত পথ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে