Man Elephant conflict : কলিয়াবৰৰ তেতুলগুৰিত অঘটন;বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু

নিউজ ডেস্ক, ১৬ ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in kaliabor )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant conflict)।
নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
ৰাজ্যত হাতী-মানুহৰ সংঘাটে লৈছে ভয়ংকৰ ৰূপ। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা বন্যহস্তীৰ মুক্তি বিচৰণৰ ফলত মানুহৰ সৈতে হোৱা সংঘাটৰ ফলত বহু লোকৰ প্ৰাণহানি হৈছে।
বুধবাৰেও পুনৰ কলিয়াবৰৰ তেতুলিগুৰিত সংঘটিত হয় আন এক ভয়ংকৰ ঘটনা ।বুধবাৰে ৰ কলিয়াবৰৰ তেতুলিগুৰিত বন্যহস্তীৰ আক্ৰমণত নিহত হয় এজন লোক। নিহত লোকজনৰ নাম সঞ্জয় ৰাজোৱাৰ বুলি জানিব পৰা গৈছে। কৰ্মস্থলীৰ পৰা স্ব-গৃহলৈ উভতাৰ পথত বন্যহস্তীয়ে সঞ্জয় ৰাজোৱাৰ আক্ৰমণ কৰে ফলত মৃত্যু হয় লোকজনৰ ।
আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।
হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।
লগতে পঢ়ক :Wild Elephant Menace : বন্যহস্তীৰ উপদ্ৰৱ; বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰা হৰিছে গঞা ৰাইজৰ