Local, Vocal, Global

Man Elephant conflict : বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল বনকৰ্মীৰ, লগতে গুৰুতৰভাৱে আহত তিনিজন বনকৰ্মী

নিউজ ডেস্ক, ২৯ছেপ্টেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Jorhat)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ মাজৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে ।

খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।

এইবাৰ যোৰহাট জিলাৰ তিতাবৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ তিতাবৰত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এজন বনকৰ্মীৰ, লগতে গুৰুতৰভাৱে আহত তিনিজন বনকৰ্মী ৷

ঘটনাৰ বিৱৰণী অনুসৰি, বৃহস্পতিবাৰৰ নিশা তিতাবৰ বিজয় নগৰত মৰিয়নীৰ গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এজাক বন্যহস্তীয়ে উপদ্ৰৱৰ সৃষ্টি কৰে ৷ বন্যহস্তী দলে অঞ্চলটোত প্ৰৱেশ কৰি কেইবাটাও বাসগৃহ তচনচ কৰাৰ লগতে বহু মূল্যবান সা-সম্পত্তি ভাঙি লণ্ড-ভণ্ড কৰে ৷ বন্যহস্তী আক্ৰমণ পৰা ৰক্ষা পাবলৈ অঞ্চলটোৰ ৰাইজে উজাগৰী নিশা কটাবলগীয়া গৈছে । ৰাজপথত জুই জ্বলাই পহৰা দিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ।

ইয়াৰ পিছতে এই ঘটনাৰ সন্দৰ্ভত অঞ্চলবাসীয়ে স্থানীয় বন বিভাগক এই বিষয়ে অৱগত কৰাত নিশাই বন বিভাগৰ এটা দলে অঞ্চলটোলৈ আহে ৷ কিন্তু দুৰ্ভাগ্যৱশতঃ বনৰীয়া হাতী খেদিবলৈ গৈ হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এগৰাকী বনকৰ্মীয়ে । লগতে বন্যহস্তীৰ আক্ৰমণত তিনিজন বনকৰ্মী গুৰুতৰভাৱে আহত হয় ।

বন্যহস্তীৰ আক্ৰমণত নিহত হোৱা বনকৰ্মীজন অতুল কলিতা বুলি জানিব পৰা গৈছে। আনহাতে আহত তিনি বনকৰ্মীকেইজন ক্ৰমে ৰাজীৱ বুঢ়াগোহাঁই, পৰাগ জ্যোতি দত্ত আৰু গীৰেন মাহাতু বুলি জানিব পৰা গৈছে।

আহত বনকৰ্মী কেইজনক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয় ৷

লগতে পঢ়ক :Food poisoning : খাদ্যত বিষক্ৰিয়া,অসুস্থ ২৫ জনকৈ চিকিৎসক