Local, Vocal, Global

Elephant menace in Jamugurihat : নদুৱাৰ সমষ্টিৰ অন্তৰ্গত ঢাৰিকাটি পালেঙ গাঁৱত বন্যহস্তীৰ তাণ্ডৱ

জামুগুৰিহাট,৫আগষ্ট : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা শুনিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে।

খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে(Elephant menace in Jamugurihat) ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ হাতীৰ আক্ৰমত ইতিমধ্যে বহুতো লোকৰ মৃত্যু ঘটিছে ৷ হাতীৰ উপদ্ৰৱত শংকিত আৰু অতিষ্ঠ হৈছে ৰাইজ। ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালৈক নদুৱাৰত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ ।

নদুৱাৰ সমষ্টিৰ অন্তৰ্গত ঢাৰিকাটি পালেঙ গাঁৱত বন্যহস্তীৰ তাণ্ডৱ ৷ সোমবাৰে পুৱতি নিশা এটা বনৰীয়া হতীয়ে গাঁৱখনত প্ৰৱেশ কৰি বিপুল ঙাটে নামৰ এজন লোকৰ ভড়াল ঘৰ ভাঙি ধান খাই তহিলং কৰে৷

ৰাইজে অভিযোগ কৰা মতে, নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত নিশাৰ ভাগত ওলাই অহা বনৰীয়া হাতীৰ জাকে ঢাৰিকাটি অঞ্চলৰ গাঁও সমুহত প্ৰৱেশ কৰি বহুলোকক হত্যা কৰাৰ লগতে খেতি পথাৰ নষ্ট কৰি আহিছে ৷

বনবিভাগৰ লোকক ঘটনা সন্দৰ্ভত খবৰ দিয়া হৈছে যদিও বনৰীয়া হাতী প্ৰতিৰোধ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৷

সম্প্ৰতি ৰাইজে বনবিভাগক শীঘ্ৰে বনৰীয়া হাতী প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ দাৱী জনোৱাৰ লগতে স্থানীয় বিধায়ক গৰাকীক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহন কৰিবলৈ আহৱান জনাই৷

লগতে পঢ়ক : Road Accident in Boko : তীব্ৰবেগী নৈশ বাছে মহতিয়াই নিলে পথচাৰীক