Man Elephant conflict : ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ জামুগুৰিহাটত অব্যাহত আছে হাতী মানুহৰ সংঘাত

জামুগুৰিহাট, ২৫ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Jamugurihat )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant conflict)।
নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
ৰাজ্যত হাতী-মানুহৰ সংঘাটে লৈছে ভয়ংকৰ ৰূপ। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা বন্যহস্তীৰ মুক্তি বিচৰণৰ ফলত মানুহৰ সৈতে হোৱা সংঘাটৰ ফলত বহু লোকৰ প্ৰাণহানি হৈছে।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ জামুগুৰিহাটত অব্যাহত আছে হাতী মানুহৰ সংঘাত। দেওবাৰে নিশা জামুগুৰিহাটত বন্যহস্তীৰ তাণ্ডৱ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলৈ ওলাই অহা বনৰীয়া হাতীৰ জাকে অঞ্চলটোৰ বটিয়াৰোকাত কৃষক ৰাইজৰ ফুলি থকা সৰিয়হ, আলু, ৰঙালাওকে আদিকে ধৰি বিভিন্ন খেতি সমূহ তহিলং কৰাৰ লগতে বাৰীৰ কলগছ ভাঙি চলাইছে উপদ্ৰৱ ।দেওবাৰে নিশাৰ ভাগত অহা ৯/১০ জনীয়া হাতীৰ জাকটোৱে এইদৰে উপদ্ৰৱ চলাই ৰাইজক আতংকিত কৰি পুৱাৰ ভাগতহে কাজিৰঙাৰ ষষ্ঠ সংযোজলৈ উভতি যায় ৷
কিন্তু সন্ধিয়া হলেই পুনৰ আহি জনাঞ্চত বনৰীয়া হাতীৰ জাকে ওৰেতো নিশা চলাই সন্ত্ৰাস। যাৰ ফলত গঁঞা ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।
ভূক্তভোগী ৰাইজে অভিযোগ কৰা মতে অঞ্চলটোত সঘনাই বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই থকাৰ পিছতো বনবিভাগে বনৰীয়া হাতী প্ৰতিৰোধ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ অঞ্চলটোৰ ডিপলোঙা বনাঞ্চলিক কাৰ্য্যালৰ বিষয়া আৰু বনকৰ্মী সকলে যিদৰে সক্ৰিয়তাৰে বনৰীয়া হাতীৰ উপদ্ৰৱ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেইদৰে গ্ৰহণ নকৰি কুম্ভকৰ্ণ নিদ্ৰাতহে মগ্ন হৈ থকাৰ অভিযোগ স্থানীয় ৰাইজৰ৷
আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।
হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।