Man Elephant Conflict : জামুগুৰিহাটৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ
জামুগুৰিহাট, ১১ ডিচেম্বৰ : ৰাজ্যত যেন হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।এফালে হাতীৰ বাবে মানুহৰ মৃত্যু, আনফালে জীৱশ্রেষ্ঠৰ বাবে হাতীৰ মৃত্যু। ভয়াৱহতকৈ ভয়াৱহৰ জ্বলন্ত সমস্যা হৈ পৰিছে এতিয়া হাতী-মানুহৰ সংঘাত তথা উপদ্ৰৱ।
অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Jamugurihat )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant Conflict)।
নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
জামুগুৰিহাটৰ দক্ষিণাঞ্চলত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। জামুগুৰিহাটৰ পানপুৰত সৰিয়হ,আলু,ধানখেতি খেচিগুলি তহিলং কৰিছে বন্যহস্তীয়ে। পানপুৰ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত নিশাৰ ভাগত ওলাই অহি জনাঞ্চত প্ৰৱেশ কৰা ৮/৯ জনীয়া বনৰীয়া হাতীৰ জাকে তহিলং কৰিছে খেতি পথাৰ। বৃহত্তৰ অঞ্চলটোত ক্ৰমান্বয়ে হাতী মানুহৰ সংঘাট বৃদ্ধি পোৱাৰ উপক্ৰম হৈছে৷
বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰি হাতীৰ জাকক জনাঞ্চলৰ পৰা খেদি পথোৱাৰ ক্ষেত্ৰত বনবিভাগে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহন কৰিব লাগিছিল যদিও বৰ্তমানলৈকে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাটোহে পৰিলক্ষিত হৈছে। অঞ্চলটোত থকা ডিপলোঙা বনাঞ্চলিক কাৰ্য্যলয়ৰ বন বিষয়া সকলে কৃষক ৰাইজক সুৰক্ষা প্ৰদানৰ স্বাৰ্থত বনৰীয়া হাতী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহন কৰাৰ পৰিবৰ্তে কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন হৈ থকা বুলিহে ৰাইজে অভিযোগ কৰিছে৷
আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।
হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।
লগতে পঢ়ক :Sensational Incident : পথাৰত হত্যা কৰি পেলাই থৈ গ’ল মহিলাক; কিন্তু কোনো কৰিলে এই হত্যাকাণ্ড ?