Local, Vocal, Global

Man Elephant conflict : জামুগুৰিহাটত বন্যহস্তীৰ উপদ্ৰৱ;বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰা হৰিছে গঞা ৰাইজৰ

নিউজ ডেস্ক, ২৬ নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ । বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰা হৰিছে গঞা ৰাইজৰ ।

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Jamugurihat)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant conflict)।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

জামুগুৰিহাটত বন্যহস্তীৰ উপদ্ৰৱ । বনৰীয়া হাতীৰ উপদ্ৰৱে অতীষ্ঠ কৰি তুলিছে গঞা ৰাইজক।বিগত কিছুদিন ধৰি জামুগুৰিহাটৰ বিভিন্ন গাঁৱত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে । বুধবাৰে নিশা বতিয়াৰোকা গাঁৱত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই তহিলং কৰিছে কৃষকৰ খেতিপথাৰ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ পৰা সন্ধিয়াৰ ভাগত ওলাই অহা বন্য হস্তীৰ জাকে কৃষক ৰাইজৰ কলগছ,আলুখেতিৰ লগতে সৰিয়হ খেতি তহিলংকৰিছে।

নিশাৰ ভাগত অহা ৭/৮ জনীয়া বনৰীয়া হাতীৰ জাকে এতিয়া নিদ্ৰা হৰিছে কৃষক ৰাইজৰ। জামুগুৰিহাটৰ ডিপলোঙা বনাঞ্চলিক বিষয়া আৰু বনকৰ্মী সকলে বনৰীয়া হাতী খেদি পথোৱাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে।

হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।

লগতে পঢ়ক : Wild Elephanat Death : পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু,ৰে’লৰ খুন্দাত মৃত্যু বনৰীয়া হাতীৰ