Man Elephant Conflict : জামুগুৰিহাটত বন্যহস্তীৰ উপদ্ৰৱ ,দিনে নিশাই হাতীৰ জাকে তহিলং কৰিছে খেতিপথাৰ
জামুগুৰিহাট, ১৬ নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant Menace in Jamugurihat )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant Conflict)।
নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে(Wild Elephant Menace Continues in Jamugurihat) ।
এইবাৰ জামুগুৰিহাটত বন্যহস্তীৰ উপদ্ৰৱ । হাতীৰ উপদ্ৰৱত নিদ্ৰা হৰিছে জামুগুৰিহাটবাসীৰ ৷ বিশেষকৈ জামুগুৰিহাটৰ দক্ষিণ প্ৰান্তৰ বিষ্ণুপুৰ,হকমা,পানপুৰ,মালবস্তিকে বনৰীয়া হাতীৰ বৃহৎ জাকে মুক্ত বিচৰণ কৰি আছে ৷ বনাঞ্চলৰ পৰা নামি অহা বন্যহস্তীৰ জাকে ধাননি পথাৰত উপদ্ৰৱ চলাইছে । দিনে নিশাই হাতীৰ জাকে তহিলং কৰিছে খেতিপথাৰ । যাৰ পৰিণতিত বৰ্তমান কৃষক ৰাইজৰ অৱস্থাও শোচনীয় হৈ পৰিছে(Wild Elephant Menace) ৷
উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা নিশাৰ ভাগত ওলাই অহা বনৰীয়া হাতীৰ জাকে অঞ্চলটোৰ ধাননি পথাৰত পকীবলৈ ধৰা ধান খোৱাৰ লগতে খেছিগুলি তহিলং কৰিছে।বনৰীয়া হাতীৰ ভয়ত এতিয়া অঞ্চলটোৰ গঞাঁ ৰাইজে বিনিদ্ৰ ৰজনী কটাইছে।জনাঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধৰ ক্ষেত্ৰত স্থানীয় ৰাইজে বনবিভাগক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।
আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant Conflict)।
হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।
লগতে পঢ়ক :Wild Elephant Menace : শোণিতপুৰত বন্যহস্তীয়ে নিদ্ৰা হৰিছে ৰাইজৰ