Local, Vocal, Global

Man Elephant conflict : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত

জামুগুৰীহাট, ৯অক্টোবৰ : পুনৰ বন্যহস্তীৰ আক্ৰমনত নিহত মহিলা । অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য ।

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Jamugurihat)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা শুনিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

এইবাৰ ৰঙাপৰাত বন্যহস্তীৰ তাণ্ডৱ । ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত জামুনবিল গাঁৱত দেওবাৰে নিশা বন্যহস্তীয়ে চলাই তাণ্ডৱ । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা এটা বন্যহস্তীয়ে দেওবাৰে নিশা শুই থকা অৱস্থাত এগৰাকী মহিলাক গছকি দিয়ে । বন্যহস্তীৰ আক্ৰমণত ফলত মৃত হয় মহিলাগৰাকীৰ । ইয়াৰ ফলত নিশা অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । ওৰে নিশাই উজাগৰে নিশা কটাই ৰাইজে । জামুনবিলত এয়া প্ৰথম ঘটনা নহয় ইয়াৰ আগতে বন্যহস্তীৰ আক্ৰমণৰ ফলত প্ৰাণ গৈছিল এজনৰ । এমাহৰ ভিতৰতে সংঘটিত হোৱা এয়া দ্বিতীয়টো ঘটনা । মৃত হোৱা মহিলাগৰাকীক ৰিতামনি ইন্দুৱা বুলি জানিব পৰা গৈছে । বৰ্তমান মহিলাগৰাকীক মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।

হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।

লগতে পঢ়ক :SRK security raised to Y+ after death threats : বলীউডৰ বাদশ্বাহলৈ মৃত্যুৰ ভাবুকি, Y+ নিৰাপত্তা বলীউডৰ কিং খানক