Elephant menace in Jamugurihat:জামুগুৰিহাটত বন্যহস্তীৰ উপদ্ৰৱ;বন্যহস্তীৰ জাকে তহিলং কৰিছে খেতি
জামুগুৰিহাট,১৪ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Jamugurihat)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়।
নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে।খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে।যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
ৰাজ্যত চলি থকা ভয়ংকৰ হাতী-মানুহৰ সংঘাতত ইজনৰ পিচত সিজন নিৰীহ লোকে প্ৰাণ হেৰুৱালগীয়া হৈছে।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালৈ জামুগুৰিহাটত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস।
জামুগুৰিহাটৰ পানপুৰঘাটৰ কৃষি পথাৰত বন্যহস্তীয়ে চলাই আহিছে ধাৰাবাহিক সন্ত্ৰাস।বনাঞ্চলৰ পৰা নামি অহা বন্যহস্তীৰ জাকে খেচিগুলি তহিলং কৰিছে কৃষক ৰাইজৰ খেতি।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ পৰা নিশাৰ ভাগত খাদ্যৰ সন্ধানত ওলাই অহা শ শ বনৰীয়া হাতীৰ জাকে নষ্ট কৰিছে আলু ,বেঙেনা, মটৰ, সৰিয়হকে ধৰি বিভিন্ন খেতিৰ শস্য।
পকা ধানৰ পিছত এইবাৰ আলু ,বেঙেনা , মটৰ আৰু সৰিয়হ আদিৰ খেতিতো বন্যহস্তীৰ উপদ্ৰৱে চিন্তিত কৰি তুলিছে কৃষক ৰাইজক।যাৰ বাবে ইয়াৰ পৰিত্ৰাণ বিচাৰি নেদেখা জনৰ ওচৰতহে দুই হাত মেলিছে অঞ্চলটোৰ দৰিদ্ৰ ৰাইজে৷বনাঞ্চলৰ পৰা আহি জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ অব্যাহত ৰখা জাক জাক বনৰীয়া হাতী প্ৰতিৰোধৰ ক্ষেত্ৰত বনবিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।
উল্লেখ্য যে, ইয়াৰ সমীপৰ ডিপলোঙা আঞ্চলিক বন বিষয়াৰ কাৰ্য্যলয়ৰ বনকৰ্মী আৰু বিষয়া গাৰকীয়ে কৃষক ৰাইজৰ সমস্যাৰ বুজ লৈ বনৰীয়া হাতী খেদাৰ ব্যৱস্থা কৰা অথবা হাতীৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ পৰিবৰ্তে সম্প্ৰতি কুম্ভকৰ্ণ নিদ্ৰাত হে মগ্ন হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে দুৰ্ভগীয়া কৃষক ৰাইজে৷
লগতে পঢ়ক :Sensational incident:গোলাঘাট মক্ৰং চাহ বাগিছাত শ্ৰমিক ইদ মহম্মদ হুছেইন কৰুণ মৃত্যু