Local, Vocal, Global

Elephant menace in Jamugurihat :ৰঙাপৰাত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস

জামুগুৰিহাট,৪ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Jamugurihat)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে।খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে।যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

ৰাজ্যত চলি থকা ভয়ংকৰ হাতী-মানুহৰ সংঘাতত ইজনৰ পিচত সিজন নিৰীহ লোকে প্ৰাণ হেৰুৱালগীয়া হৈছে।

ৰাজ্য বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শোনিতপুৰৰ ৰঙাপৰাত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস। বন্যহস্তীৰ উপদ্ৰৱত বাবে এতিয়া উজাগৰি নিশা কটাবলগীয়া হৈ ৰাইজে ৷ কাৰণ ৰঙাপৰাৰ চৌদিশে এতিয়া কেৱল হাতী আৰু হাতী ৷ কি চাহ বাগিচা কি গাঁও সকলোতে এতিয়া বন্যহস্তীয়ে কৰিছে মুক্ত বিচৰণ ৷ খাদ্যৰ সন্ধানত বনাঞ্চল এৰি সম্প্ৰতি জনাঞ্চলত প্ৰৱেশ কৰিছে পোৱালি সহ জাক জাক বনৰীয়া হাতী৷ ৰঙাপৰাত ইতিমধ্যেই প্ৰৱেশ কৰিছে ১০০ জনীয়া এটি বন্যহস্তীৰ বৃহৎ জাক ৷

কণ কণ পোৱালী লগত লৈ প্ৰৱেশ কৰা বনৰীয়া হাতীৰ জাক সমুহ চাহ বাগিচাৰ লগতে গাঁও অঞ্চলতো প্ৰৱেশ কৰাত ৰাইজ শংকিত হৈ পৰিছে ৷ বন্যহস্তীৰ জাকে পকা ধাননি পথাৰৰ লগতে অন্যান্য শষ্য পথাৰ সমুহৰো বিস্তৰ ক্ষতিসাধন কৰিছে ৷ আমাৰিবাৰী আৰু তেজপুৰ সদৰৰ বন বিভাগৰ লোকে বন্যহস্তীৰ জাক সমুহ পুণৰ বনাঞ্চললৈ খেদি পঠোৱাৰ চেষ্টা আব্যাহত ৰাখিছে যদিও একাংশ লোকে আগভেটি ধৰাৰ ফলত সমস্যাৰ সৃষ্টি হৈছে৷

লগতে পঢ়ক :Sensational incident:ভিনিহিয়েকৰ হাতত প্ৰাণ গ’ল খুলশালিয়েকৰ