Elephant menace in Jagiroad : জাগীৰোডৰ দেওশালত বন্যহস্তীৰ উপদ্ৰৱ
জাগীৰোড,২৬জুন : জাগীৰোডৰ দেওশালত বন্যহস্তীৰ উপদ্ৰৱত অতিষ্ঠ জনসাধাৰণ ৷ নিশা হ’লেই খাদ্যৰ সন্ধানত অঞ্চলটোত প্ৰৱেশ কৰে বনৰীয়া হাতীৰ জাক ৷ সোণাইকুছি নামি অহা হাতীৰ জাকে ঘৰ-দুৱাৰ অনিষ্ট কৰাৰ লগতে খাই তহিলং কৰে ধান, চাউল আদি(Elephant menace in Jagiroad) ৷
মঙলবাৰে নিশাও অঞ্চলটোত প্ৰৱেশ কৰা হাতীৰ এটা বৃহৎ জাকে অনিষ্ট কৰে কেইবাখনো দোকানৰ লগতে বাসগৃহ ৷ হাতীৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে যদিও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে লাহৰী পাতৰ নামৰ এগৰাকী শতবৰ্ষ অতিক্ৰম কৰা বৃদ্ধা ৷ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ প্ৰচেষ্টাত সোণাইকুছি বনাঞ্চলত চ’লাৰ ফেনচিঙৰ ব্যৱস্থা কৰিছিল যদিও সেয়া সম্প্ৰতি বিকল ৷
আনহাতে বন বিভাগেও নিজৰ দায়িত্ব সুচাৰুৰূপে পালন নকৰাৰ অভিযোগ স্থানীয় লোকৰ ৷ সেয়ে অতি শীঘ্ৰে হাতীৰ উপদ্ৰৱৰ পৰা জনসাধাৰণক ৰক্ষা কৰিবলৈ চৰকাৰ তথা বন বিভাগক দাবী জনায় অতিষ্ঠ জনসাধাৰণে(Elephant menace in Jagiroad) ৷
লগতে পঢ়ক : Drugs seized in Nagaon : নগাঁৱত ড্ৰাগছসহ আটক সৰবৰাহকাৰী