Local, Vocal, Global

Elephant menace in Hojai:হোজাই জিলাৰ অন্তৰ্গত লংকাৰ ৭নং পূৱ উদালীত উপদ্ৰৱ চলাইছে বন্যহস্তীয়ে

নিউজ ডেস্ক,১৮ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Hojai)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে।খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে।যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

ৰাজ্যত চলি থকা ভয়ংকৰ হাতী-মানুহৰ সংঘাতত ইজনৰ পিচত সিজন নিৰীহ লোকে প্ৰাণ হেৰুৱালগীয়া হৈছে।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালৈ হোজাইত বন্যহস্তীৰ তাণ্ডৱ ।হোজাই জিলাৰ অন্তৰ্গত লংকাৰ ৭নং পূৱ উদালীত উপদ্ৰৱ চলাইছে বন্যহস্তীয়ে।

জানিব পৰা মতে, হাতীৰ জাকৰ পৰা অকলশৰীয়া হোৱা এটি বন্যহস্তীয়ে ৭নং পূৱ উদালীৰ এঘৰত বিস্তৰ ক্ষতি কৰে। ৭নং পূৱ উদালীৰ অকন চন্দ্ৰ নাথৰ ঘৰৰ বেৰ ভাঙি ক্ষতি কৰে বনৰীয়া হাতীটোৱে।

ইফালে নিশা অকন চন্দ্ৰ নাথৰ পৰিবাৰে ভাত বনাই থকা অৱস্থাত বন্যহস্তীয়ে পাকঘৰৰ বেৰ ভাঙি বহুখিনি অনিষ্ট কৰে। সেই সময়ত ঘৰত নাছিল অকন চন্দ্ৰ নাথ। লগে লগে তেওঁৰ পত্নীয়ে দুই সন্তানক লগত লৈ দৌৰি আনৰ ঘৰত গৈ আশ্ৰয় লয়। কোনোমতে প্ৰাণ ৰক্ষা পৰে তেওঁলোকৰ।

এই ঘটনাৰ পাছতে বন বিভাগক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ভুক্তভোগীয়ে। উল্লেখ্য যে, ৪ দিনৰ পূৰ্বেও উক্ত ঘৰটোত বন্যহস্তীয়ে আক্ৰমণ কৰিছিল।

লগতে পঢ়ক :Sootea News:চতিয়াৰ দক্ষিণ দল চাপৰিত চকুৰে মনিব নোৱৰা পৰ্যন্ত কেৱল হালধীয়াৰ আচ্ছাদন