Local, Vocal, Global

Elephant menace in Goalpara:গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত দুজনৰ মৃত্যু

নিউজ ডেস্ক,৯ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Goalpara)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে।খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে।যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

ৰাজ্যত চলি থকা ভয়ংকৰ হাতী-মানুহৰ সংঘাতত ইজনৰ পিচত সিজন নিৰীহ লোকে প্ৰাণ হেৰুৱালগীয়া হৈছে।

গোৱালপাৰাত বনৰীয়া হাতীৰ তাণ্ডৱ। গোৱালপাৰাৰ নাৰায়ণপাৰাত বন্যহস্তীৰ আক্ৰমণত দুজনৰ মৃত্যু।

মৃত্যু লোকদুজন একেটা পৰিয়ালৰ ২ সদস্য।বন্যহস্তীৰ আক্ৰমণত মৃত্যু হোৱা লোক দুজন ৰঞ্জল ৰায় আৰু ৰূপালী ৰায় বুলি জানিব পৰা গৈছে ।

এই ঘটনা সংঘটিত হোৱাৰ পাছতে অঞ্চলজুৰি তীব্ৰ উত্তেজনৰ সৃষ্টি হয় ।

মৃতদেহ অনাত বাধা প্ৰদান কৰে উত্তেজিত ৰাইজে।

উল্লেখ্য যে,দীৰ্ঘদিন ধৰি অঞ্চলটোত অব্য়াহত আছে বন্যহস্তীৰ উপদ্ৰৱ।

লগতে পঢ়ক :Sensational incident:ৰাষ্ট্ৰীয় ঘাইপথৰ বৈদ্যুতিক তাৰত লাগি মৃত্যু ট্ৰাক চালকৰ