Local, Vocal, Global

Elephant menace in Goalpara : গোৱালপাৰাৰ লক্ষীপুৰৰ আমবাৰীত বন্যহস্তীৰ মুক্ত বিচৰণ

নিউজ ডেস্ক,২৭জুলাই : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা শুনিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে।

খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে(Elephant menace in Goalpara) ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ হাতীৰ আক্ৰমত ইতিমধ্যে বহুতো লোকৰ মৃত্যু ঘটিছে ৷ হাতীৰ উপদ্ৰৱত শংকিত আৰু অতিষ্ঠ হৈছে ৰাইজ।

গোৱালপাৰাৰ লক্ষীপুৰৰ আমবাৰীত বন্যহস্তীৰ বিচৰণ। আমবাৰী-বৰদল পথত অৱস্থান বন্যহস্তীৰ জাকটোৰ। বহু পৰলৈকে বন্ধ হৈ পৰে পথটোৰে যান-বাহনৰ চলাচল। পাছলৈ বৰদল বনাঞ্চলত আশ্ৰয় লয় হাতীৰ জাকটোৱে। বন্যহস্তীৰ ভয়ত উজাগৰী নিশা কটাইছে অঞ্চলটোৰ ৰাইজে।

লগতে পঢ়ক : NEET UG Result 2024 : NEET-UG ফলাফল ঘোষণা; পৰিৱৰ্তন হ’ল হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ স্থান