Man Elephant conflict : গোৱালপাৰাত বন্যহস্তীৰ উপদ্ৰৱ,বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ ক্ষেত্ৰত বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ
নিউজ ডেস্ক, ২৬ নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Goalpara )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant conflict)।
নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
গোৱালপাৰাত বন্যহস্তীৰ উপদ্ৰৱ । গোৱালৰাপাৰৰ বিভিন্ন প্ৰান্তত বিগত কিছুদিন ধৰি বন্যহস্তীৰ এটা জাকে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ।বন্যহস্তীৰ তাণ্ডৱত শংকিত হৈ পৰিছে অঞ্চলবাসী ।
উল্লেখ্য যে, গোৱালপাৰাত বনাঞ্চলৰ পৰা প্ৰবেশ কৰা হাতীৰ জাকটোৱে অঞ্চলটোৰ গঞা ৰাইজৰ ভৰালৰ ধান খাই শেষ কৰিছো । কাৰোবাৰ আকৌ লহপহীয়া খেতিডৰাৰ নষ্ট কৰিছে। খাদ্যৰ সন্ধানক হাতীৰ জাকটোৱে বিগত কিছুদিন ধৰি গোৱালপাৰাৰ বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাই আহিছে । বন্যহস্তীৰ এই সন্ত্ৰাসৰ কথা বন বিভাগৰ লোকক বিগত কিছুদিন ধৰি অৱগত কৰি আহিছে যদিও বন বিভাগে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ((Elephant menace in Goalpara ) ।
গাঁও খনৰ স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, প্ৰায়ে অঞ্চলটোত হাতী মানুহৰ সংঘাত সংঘটিত হৈ থাকে। অঞ্চলটোত বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ ক্ষেত্ৰত বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে(Man Elephant conflict) ৷
আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে।
হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।
লগতে পঢ়ক :Man Elephant conflict in Chirang : চিৰাং জিলাত বন্যহস্তীৰ উপদ্ৰৱ