Man Elephant conflict : ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ
নিউজ ডেস্ক, ২৬ নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ । বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰা হৰিছে গঞা ৰাইজৰ ।
ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Doom Dooma)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant conflict)।
নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
তিনিচুকীয়াত বন্যহস্তীৰ উপদ্ৰৱ । তিনিচুকীয়া জিলাৰ ডুমডুমাত বন্যহস্তীৰ আক্ৰমণত নিহত হৈছে এগৰাকী কিশোৰী ৷ নিহত কিশোৰীগৰাকী লক্ষীপ্ৰিয়া পাটৰ বুলি জানিব পৰা গৈছে ৷
ঘটনা অনুসৰি, ফিল’বাৰী থানাৰ অন্তৰ্গত বৰডুবি চাহ বাগিচাৰ 4 নম্বৰ লাইনত দেওবাৰে অনুষ্ঠিত হৈছিল অখণ্ড ভাগৱত পাঠ ৷ নিশা প্ৰায় ২.৩০ বজাত কিশোৰীগৰাকীয়ে উক্ত অনুষ্ঠানৰ পৰা ঘৰলৈ গৈ আছিল ৷ তেনে সময়তে বৰডুবি চাহ বাগিচাৰ ৪ নম্বৰ লাইনতে বন্যহস্তীয়ে আক্ৰমণ কৰে কিশোৰীগৰাকীক ৷ আনহাতে, ৰাইজে খবৰ দিয়াৰ পাচতো ঘটনাস্থলীত বহু পলমকৈ বনকৰ্মী উপস্থিত হোৱাক কেন্দ্ৰ কৰি সোমবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বৰডুবি চাহ বাগিচাত ৷ ইফালে, বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বন বিভাগে নীৰৱতা অৱলম্বন কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে।
হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।