Elephant menace in Chirang : চিৰাং জিলাত বন্যহস্তীৰ উপদ্ৰৱ;বন্যহস্তীয়ে ভাঙি লণ্ড-ভণ্ড কৰিলে ৪ টাকৈ বাসগৃহ

নিউজ ডেস্ক,১জুলাই : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা শুনিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে।
খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে(Elephant menace in Chirang)।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ হাতীৰ আক্ৰমত ইতিমধ্যে বহুতো লোকৰ মৃত্যু ঘটিছে ৷ হাতীৰ উপদ্ৰৱত শংকিত আৰু অতিষ্ঠ হৈছে ৰাইজ ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত সমান্তৰালকৈ চিৰাং জিলাত বন্যহস্তীৰ উপদ্ৰৱ । চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ কুসুমদিছাত বন্যহস্তীয়ে দেওবাৰে নিশা উপদ্ৰৱ চলাই তিনিটাকৈ পৰিয়ালৰ ৪ টাকৈ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে ।
জানিব পৰা মতে দৰিদ্ৰ পৰিয়ালকেইটাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰা পকীঘৰবোৰ হাতীয়ে ভাঙি থৈ যায় । এনে পৰিস্থিতিত গাঁওখনৰ সম্বলা মুচাহাৰী, বিছন বসুমতাৰী আৰু জাৰো নাৰ্জাৰীৰ পৰিয়ালকেইটা এতিয়া দিশহাৰা হৈ পৰিছে । হাতীয়ে তেওঁলোকৰ ঘৰৰ বিভিন্ন সামগ্ৰীও নষ্ট কৰে । লগতে বাৰীৰ কল, তামোল আদিও বন্যহস্তীয়ে খাই তহিলং কৰে ।
ভুক্তভোগী পৰিয়ালকেইটাই জনোৱা মতে দেওবাৰে নিশা প্ৰায় ২ মান বজাত হাতীৰ জাকটোৱে গাঁৱখনত প্ৰৱেশ কৰে । এনে পৰিস্থিতিত ঘৰৰ ভিতৰত শুই থকা লোকসকলৰ হাতীৰ আক্ৰমণৰ পৰা কোনো মতে প্ৰাণ ৰক্ষা পৰে । গাঁওখনৰ ৰাইজে অভিযোগ কৰা মতে ৰিপু সংৰক্ষিত বনাঞ্চলৰ পৰা প্ৰায়ে ওলাই অহা বন্যহস্তীয়ে অঞ্চলটোত তাণ্ডৱ চলায় । কিন্তু এইক্ষেত্ৰত বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে গাঁওখনৰ ৰাইজে । উল্লেখ্য যে বিটিআৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ গৃহ সমষ্টিৰ অন্তৰ্গত এই অঞ্চলটো (Elephant menace in Chirang)।
লগতে পঢ়ক : Young man drowns in pond while bathing : পুখুৰীত গা ধুবলৈ গৈ নিৰুদ্দেশ দেৱেন শইকীয়া নামৰ এজন লোক