WATCH | Elephant menace in Boko : বকোৰ গাধপুতাত বন্যহস্তীৰ তাণ্ডৱ
বকো,১৮মে’ : বকোৰ গাধপুতাত বন্যহস্তীৰ তাণ্ডৱ। বন্যহস্তীৰ জাকে ভাঙি তহিলং কৰিলে চাৰিটাকৈ পৰিয়ালৰ বাসগৃহ।
নিশা গাধপুতা গাৱঁত খাদ্যৰ সন্ধানত প্ৰৱেশ কৰে বন্যহস্তীৰ জাকটোৱে।
গাধপুতাৰ মিলন ৰাভা আৰু চন্দ্ৰকান্ত ৰাভাৰ ঘৰ ভাঙি থৈ যায় তিনিটা বনৰীয়া হাতীয়ে আৰু ইয়াৰ লগতে শম্ভু বস্নেত (গোৰ্খা) আৰু অনন্ত বড়োৰ গৃহতো তাণ্ডৱ চলাই বনৰীয়া হাতীকেইটাই(Elephant menace in Boko)।
যোৱা কেইবাদিন ধৰি অঞ্চলতোত বনৰীয়া হাতীকেইটাই তাণ্ডৱ চলাই আহিছে যদিও কাণষাৰ নাই বন বিভাগৰ।
চৰকাৰৰ পৰা সহায় বিচাৰিছে ভুক্তভোগী পৰিয়ালকেইটাই।
লগতে পঢ়ক : WATCH | Abhayapuri News : সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱসৰ তুলুঙিয়াত লাইখুটা স্থাপন